/asomiyapratidin/media/media_files/2025/09/18/4fb91c82-c6a4-48d7-8edf-22aa29aeb6e0-2025-09-18-09-27-52.jpeg)
ডিজিটেল ডেস্কঃ ২০২৪ত ৰহস্যজনকভাৱে মৃত্যু হোৱা পংখী সন্দিকৈৰ কথা আপোনাৰ মনত আছেনে? পংখীক হত্যাকাণ্ডৰ অভিযোগত ২০২৪ৰ ৪মে'ত গ্ৰেপ্তাৰ কৰা হৈছিল তেওৰ স্বামী নীতিকেশ দাসক। শোৱনি কোঠাত চিলিং ফেনত চিপ লৈ থকা অৱস্থাত পংখী উদ্ধাৰ হৈছিল যদিও পৰিয়ালৰ লোকে স্বামী নীতিকেশৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।
নামৰূপ আৰক্ষীয়ে স্বামী নিতিকেশ দাসক গ্ৰেপ্তাৰ কৰি 29/2024 গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ 498(A)/306 ৰ অধীনত জে’ললৈ প্ৰেৰণ কৰিছিল । সমগ্ৰ ঘটনাক প্ৰকৃততে হত্যাকাণ্ড বুলি কৈ ইয়াক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰাৰ অভিযোগ কৰিছিল পংখীৰ পৰিয়ালে ।
পংখী সন্দিকৈৰ হত্যাত অভিযুক্ত স্বামীৰ শাস্তি দিবলৈ সেই সময়ত ভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু শেহতীয়াকৈ খবৰ আহিছে যে, শিৱসাগৰৰ নিতাই পুখুৰীৰ পংখী সন্দিকৈৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীতিকেশৰ মঙলবাৰে মৃত্যু হৈছে।
জামিনত জেলৰ পৰা বাহিৰলৈ ওলাই অহা নীতিকেশ দুৰ্ঘটনাত পতিত হৈ ডিব্ৰুগড়ৰ এখন নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় নীতিকেশৰ। উচ্চৰক্তচাপ জনিত ৰোগতো আক্ৰান্ত হৈছিল নীতিকেশ দাস। ২০২৩ চনৰ ৩ অক্টোবৰত নীতিকেশ দাসৰ সৈতে বিয়া হৈছিল নিতাই পুখুৰীৰ পংখী সন্দিকৈৰ।
উল্লেখ্য যে শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং কলিয়ৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা চৰাইদেউ জিলিৰ সাপেখাটি উদয়শ্ৰী মণ্ডলৰ চি আৰ চি চি নিতিকেশ দাসে মীৰদ্বীপ নামৰ এগৰাকী শিল্পীৰ মেনেজাৰ হিচাপেও কাম কৰিছিল ৷ ২০২৩ চনৰ ৩ অক্টোবৰত নিতিকেশে পংখীক বিয়া কৰাইছিল ৷ কিন্তু বিয়াৰ পিছৰে পৰা নিতিকেশে পংখীৰ ওপৰত অত্যাচাৰ অব্যাহত ৰাখিছিল ৷
দিন বাগৰাৰ লগে লগে নিতিকেশৰ অত্যাচাৰ মৰম স্নেহলৈ পৰিবৰ্তন হ’ব বুলি পৰিয়ালৰ লোকে ধাৰণা কৰিছিল যদিও যোৱা ৩ মে’ত পংখীক পৰিকল্পিত ভাবে হত্যা কৰা হ’ল ৷ ইফালে পংখী সন্দিকৈৰ পৰিকল্পিত আৰু নৃশংস হত্যাকাণ্ডৰ ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে দুগৰাকী আৰক্ষী বিষয়াই প্ৰথম অৱস্থাৰে পৰা প্ৰচেষ্টা অব্যাহত ৰখাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিপৰীতে পংখীক হত্যা কৰাৰ তথ্য পৰিবেশ পৰিস্থিতিয়ে স্পষ্ট কৰিছিল।
সেই সময়ত এক সূত্ৰই সদৰি কৰা অনুসৰি, ৰ আগদিনা অৰ্থাৎ ২০২৪ৰ ২ মে’ৰ নিশা ১০.৪০ বজাত পংখীয়ে তেওঁৰ এগৰাকী অন্তৰংগ বান্ধৱীলৈ ফোন কৰি নিতিকেশে নিৰ্মম ভাবে মাৰপিট কৰাৰ কথা অৱগত কৰিছিল ৷ প্ৰতিটো কথাতেই নিতিকেশ চলোৱা অত্যাচাৰত অতিষ্ঠ হৈ পংখীয়ে সাপেখাটিৰ কঠীয়াখুন্দা গাঁৱত থকা নিতিকেশৰ পিতৃ মাতৃৰ ওচৰলৈ গৈ বিবাহ বিচ্ছেদৰ প্ৰসংগ উত্থাপন কৰা কথাও পংখীয়ে বান্ধৱীক জনাইছিল ৷ তাৰ কেইঘন্টামানৰ পিছতেই পংখীৰ মৃতদেহ নামৰূপৰ বি ডি এফ চি এলৰ ভাড়াঘৰত ডিঙিত ৰছী বান্ধি ওলমাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৷