/asomiyapratidin/media/media_files/2025/09/19/oollld-2025-09-19-10-00-28.jpg)
ডিজিটেল ডেস্কঃ শিৱসাগৰৰ নিতাইপুখুৰীৰ পংখী সন্দিকৈৰ ৰহস্যজনক মৃত্যুৰ পাছতে শেহতীয়াকৈ তেওঁৰ স্বামী নীতিকেশৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ চৰ্চা অব্যাহত আছে। ২০২৪চনত মৃত্যু হোৱা পংখীক স্বামীয়ে হত্যাৰ অভিযোগ তুলি ভিন্ন দল-সংগঠনে কৰা প্ৰতিবাদৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছিল নীতিকেশক। পিছৰ পৰ্যায়ত জামিনত ওলাই আহি নীতিকেশ এটা পথ দুৰ্ঘটনাত মৃত্যু হয়। বহুতে এয়া নীতিকেশৰ কৰ্মফল বুলি অভিহিত কৰিছিল। সামাজিক মাধ্যমতো হৈছিল তীব্ৰ চৰ্চা।
সামাজিক মাধ্যমত নীতিকেশৰ মৃত্যুক লৈ চৰ্চা চলি থকাৰ সময়তে শেহতীয়াকৈ আন এক বিস্ফোৰণ ঘটাইছে নীতিকেশৰ পৰিয়ালে। পংখী হত্যাৰ আঁৰৰ কাৰণ সামাজিক মাধ্যমত লিখিলে নীতিকেশৰ এগৰাকী আত্নীয়ই। লক্ষ্যহীৰা দাস নামৰ মহিলাগৰাকীয়ে ফেচবুকত পংখী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
লক্ষ্যহীৰা দাসে লিখিছে এনেদৰে-
মৃত নীতিকেশ দাসক লৈ প্ৰচাৰ কৰা সকলৰ জ্ঞাতাৰ্থে ৰ্কিছু কথা নীতিকেশ ৰ পৰিয়ালৰ তৰফৰ পৰা জনাবলগীয়া আছে । ইমান দিনে সকলোৱে নীৰবে আপোনালোকৰ মন্তব্য বোৰ সহি আছিলো ।কাৰণ আইনৰ বিচাৰাধীন হৈ থকাৰ বাবে ।আইনৰ উৰ্ধত কোনো নহয় । আইনে নীতিকেশক দোষী সাবস্ত্যকৰা।নাই ।।আপোনালোক কোন । কিন্তু।আজিকালি আমাৰ মূখপুথি ( facebook ) ব্যাঘা ব্যাঘা পণ্ডিত ,পণ্ডিতনী সকলক কথা অলপ জনাবলগীয়া আছে ।
পংখী ক্ষমা কৰিবা তোমাৰ অপ্ৰিয় সত্য কথাবিলাক আমি প্ৰকাশ কৰিবলৈ বাধ্য হৈছো । তাৰবাবে জগৰীয়া তোমালোকৰ ঘৰখন । নীতিকেশে ও পংখী কথাবিলাক ৰাজহুৱা হোৱাতো বিচৰা নাছিল । কিন্ত কিছুমান লোকে দুটামান Views কাৰণে নীতিকেশৰ নামটো ব্যৱহাৰ কৰিছে।
পণ্ডিত সকল আপোনাকলোকক প্ৰমাণ সহকাৰে জনাৱলৈ বিচাৰিছো যে পংখী সন্দিকৈয়ে এটা উশৃখল জীৱন অতিবাহিত কৰিছিল । কবলৈ অতিশয় দুখজনক যে তেওঁ নিজ দদায়েকৰ লগত অবৈধ সম্পৰ্ক ৰাখিছিল (প্ৰমাণ আছে , ) নীতিকেশ তথা পৰিয়ালে এই বিষয়ত অবগত নাছিল ,পংখী পৰিয়ালে গুপনে ৰাখিছিল। যাৰ বাবে।খুৰীয়েক ঘৰ এৰি যাবলৈও বাধ্য হৈছিল । নীতিকেশে দুগৰাকী মহিলাক উদ্ধাৰহে কৰিছিল ,।সি হত্যা কৰিব পৰা লৰা নহয়।
নাবালিকা অবস্থাৰ পৰা নিজ দদায়েকে (প্ৰোয়জনত নান প্ৰকাশ কৰিম) পংখী ব্যৱহাৰ কৰি আহিছিল । যাৰ বাবে পংখী মানসিক ভাবে দুৰ্ৱল আছিল আৰু তেও মানসিক চিকিৎসা কৰাই মনে মনে বিবাহৰ আগৰেপৰা ঔষধ সেৱন কৰি আছিল ।(নীতিকশৰ লগতে পৰিয়ালৰ জ্ঞাত নাছিল) । নহলে পৰিয়ালে উন্নত চিকিৎসা কৰিলেহেতেন ।
হে মহান 🙏 facebook পণ্ডিতসকল আপোনাসবে পাণ্ডিত্য প্ৰকাশ কৰাৰ আগতে বিষয়বস্তু ৰ ওপৰত ভালদৰে জ্ঞাত হৈ লব 🙏 নীতিকেশৰ পৰিয়লে পংখী বহুত মৰম কৰিছিল । মৰম আৰু অতিত দুয়োটায়ে মাজত পংখীয়ে নিজে ভাৰসাম্য ৰক্ষা কৰিব পৰা নাছিল চাগে ।অতিত তাই অন্ধকাৰ ৰাখিছিল । পংখী মৃত্যুৰ পাছত নীতিকেশে কথাবোৰ গম পাই ভাগি পৰিছিল । যাৰ বাবে আমি তাক হেৰুৱাব লগা হল ।
পংখী ৰ দদায়েক ,মাক বাপেকক আপোনাসবৰ বিচাৰৰ কাঠগৰাত তুলি দিলো ।🙏 আৰু এটা কথা নীতিকেশৰ পৰিয়ালক মানসিকভাবে হাৰাশাস্তি কৰা সকলৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হব ।
দুখৰ সমভাগী হোৱা সকলক আমাৰ ফালৰ পৰা কৃতজ্ঞতা জনালোঁ🙏।
উক্ত পোষ্টটো আছিল এইটোঃ-