কালচক্র পূর্ণাঙ্গ পঞ্জিকা ২০২৬-২০২৭ উন্মোচন

চন্দ্ৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত ২০২৬-২০২৭ বৰ্ষৰ বাবে দ্বাদশ সংখ্যক কালচক্র পূর্ণাঙ্গ পঞ্জিকাখন বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷ পঞ্জিকাখনৰ আনুষ্ঠানিক উন্মোচন কৰে প্রখ্যাত বাস্তু শাস্ত্ৰ বিশেষজ্ঞ ড° অনিল বৰুৱাই। 

author-image
Asomiya Pratidin
New Update
669

ডিজিটেল ডেস্ক : চন্দ্ৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশিত ২০২৬-২০২৭ বৰ্ষৰ বাবে দ্বাদশ সংখ্যক কালচক্র পূর্ণাঙ্গ পঞ্জিকাখন বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷ পঞ্জিকাখনৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্রখ্যাত বাস্তু শাস্ত্ৰ বিশেষজ্ঞ ড° অনিল বৰুৱাই। 

উন্মোচনী অনুষ্ঠানত প্রকাশক ডাঃ ৰবীন্দ্র মোহন শর্মা, গণনাকাৰী বিজিত পি. শর্মা, ড° সঞ্জীৱ কুমাৰ শৰ্মা, ড° হেমন্ত কুমাৰ শৰ্মা, জ্যোতি প্রকাশ শর্মা, শান্তনু নয়ন মিশ্র শাস্ত্রী, ড° ধ্রুবজ্যোতি দেৱ শর্মাসহ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই উপলক্ষে আগন্তক বৰ্ষৰ বাবে কৰা জ্যোতিষীয় গণনাৰ ভিত্তিত অসমৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত বহু গুৰুত্বপূর্ণ শুভ-অশুভ সংকেত উন্মোচিত কৰা হয়। পঞ্জিকাখন প্ৰস্তুত কৰিছে জ্যোতিৰ্ভূষণ পুলিন চন্দ্ৰ শৰ্মাই। সহযোগ কৰিছে জ্যোতিষ শাস্ত্ৰী বিজিত পি শৰ্মাই।

গ্রহ-মন্ত্রী ফল অনুসৰি এই বছৰৰ বর্ষাধিপতি হিচাপে সৌৰশক্তিদায়ক ৰবি গ্রহই ৰাজত্বভাৰ গ্ৰহণ কৰিছে। বুধ গ্রহই মন্ত্রিত্বৰ ভাৰ লৈ সুখ-ঐশ্বর্য, সাহিত্য-সংগীত, শিল্পকলা, বিজ্ঞান-প্রযুক্তি, চিকিৎসা বিদ্যা, উদ্যোগ আৰু উদ্ভাৱনী শক্তিৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰাৰ যোগ সৃষ্টি কৰিছে।

WhatsApp Image 2026-01-21 at 8.26.20 PM

জ্যোতিষীয় বিশ্লেষণ অনুসৰি, মঙ্গল শস্যাধিপতি ৰূপে অৱস্থিত হোৱাত কিছুমান অঞ্চলত শস্য বিনাশ, পশু-পক্ষীৰ ৰোগ আৰু কৃষিখণ্ডত ক্ষতিৰ সম্ভাৱনা থাকিলেও শনি জলাধিপতি হোৱাত ৰাজ্যত পর্যাপ্ত বৃষ্টিপাত, শস্য পৰিপূর্ণতা আৰু কৃষিক্ষেত্ৰত সামগ্রিক উন্নতিৰ যোগ দেখা গৈছে।  ফলস্বৰূপে ধনে-ধানে প্রজাসকলৰ উন্নতিৰ পথ মুকলি হ'ব বুলি গণনাত উল্লেখ কৰা হৈছে।

অসমৰ কাৰক ৰাশি কৰ্কট বৰ্ষৰ আৰম্ভণিতে কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ অষ্টম স্থানত ৰাহুৰ সৈতে অৱস্থিত হোৱাত গুৱাহাটীকে ধৰি ৰাজ্যৰ কেইবাখনো মুখ্য নগৰত অপৰাধ প্ৰৱণতা বৃদ্ধি, নিচাজাতীয় দ্রব্যৰ প্ৰচলন, নাৰীজনিত অপৰাধ, চুৰি-ডকাইতি আদিৰ আশংকা প্রকাশ পাইছো লগতে অবৈধ প্রব্রজন, মৌলবাদী কার্যকলাপ আৰু চোৰাং ব্যৱসায়ে জনজীৱনত অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি জ্যোতিষীয় বিশ্লেষণে ইংগিত দিয়ে। 

ইফালে, আগন্তুক বিধানসভা নির্বাচনৰ দিশে আগবঢ়া অসমৰ ৰাজনৈতিক পৰিৱেশ সন্দর্ভতো স্পষ্ট ইংগিত দিয়া হৈছে যে ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্রহণ কৰাৰ সম্ভাৱনা অধিক। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ ওপৰত শনিৰ দৃষ্টি থকাৰ কথাও গণনাত উল্লেখ কৰা হৈছে।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ক্ষেত্ৰত বিশেষ জ্যোতিষীয় প্রভাৱ বিস্তাৰৰ যোগ দেখা পোৱা নাই বুলি বিশ্লেষণে কয়৷ আনহাতে, কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ উত্থানক সম্ভাব্য ৰাজনৈতিক প্রত্যাহ্বান হিচাপে চিহ্নিত কৰা হৈছে। 

জ্যোতিষীগৰাকীয়ে লগতে স্পষ্ট কৰে যে এই সকলো গণনা সংশ্লিষ্ট নেতাসকলৰ বাশিচক্ৰৰ ওপৰত আধাৰিতা জন্ম তাৰিখ, সময় আৰু স্থান অনুসৰি সামান্য তাৰতম্য হ'ব পাৰো মিত্রদল অসম গণ পৰিষদৰ ভিতৰত সমন্বয়হীনতা আৰু বুজাবুজিৰ অভাৱ দেখা দিব বুলিও তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিত ৰাহুল গান্ধীৰ ক্ষেত্ৰত জন্মগত শনিৰ নিচ্চ অৱস্থাই ৰাজনৈতিক যাত্ৰাত কিছু বাধা দিয়াৰ সম্ভাৱনা প্রকাশ পাইছে। সমান্তৰালভাৱে কংগ্ৰেছ নেত্রী ছোনীয়া গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ক্ষেত্রতো আগন্তুক সময়ত স্বাস্থ্যৰ ওপৰত বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তাৰ ইংগিত এই জ্যোতিষীয় গণনাত পোৱা গৈছ।

গুৱাহাটী