পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে পণ্ডিত আৰু সন্ন্যাসীসকলক অভিনন্দন মোডীৰ...

পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে পণ্ডিত আৰু সন্ন্যাসীসকলক অভিনন্দন মোডীৰ...

author-image
Asomiya Pratidin
New Update
পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে পণ্ডিত আৰু সন্ন্যাসীসকলক অভিনন্দন মোডীৰ...

ডিজিটেল সংবাদঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত চৰকাৰৰ দ্বাৰা পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে কলম্বোত ভাৰতৰ উচ্চ আয়োগে আয়োজন কৰা অনুষ্ঠানত যোগদান কৰা পণ্ডিত আৰু সন্ন্যাসীসকলক ধন্যবাদ জনোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

Advertisment

আজি প্ৰধানমন্ত্ৰীয়ে 'এক্স'(টুইটাৰ)ৰ জৰিয়তে দিয়া এক পোষ্টত কয় যে, ভাৰত চৰকাৰে পালিক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্তই ভগৱান বুদ্ধৰ চিন্তাত বিশ্বাস কৰা সকলৰ মাজত যি আনন্দৰ ভাবনা কঢ়িয়াই আনিছে তাক লৈ মই আনন্দিত হৈছো। কলম্বোত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিভিন্ন ৰাষ্ট্ৰৰ পণ্ডিত আৰু সন্ন্যাসীসকলক ধন্যবাদ জ্ঞাপন কৰিছো।

উল্লেখ্য যে ২৩ অক্টোবৰত ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰই কলম্বো (SVCC)ত 'ধ্ৰুপদী ভাষা হিচাপে পালি’ সন্দৰ্ভত এক পেনেল আলোচনাৰ আয়োজন কৰিছিল।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতৰ উপ-উচ্চায়ুক্ত ড০ সত্যঞ্জল পাণ্ডে আৰু শ্ৰীলংকা চৰকাৰৰ বৌদ্ধ শাসন, ধৰ্মীয় আৰু সাংস্কৃতিক পৰিক্ৰমা, ৰাষ্ট্ৰীয় একত্ৰীকৰণ, সামাজিক সুৰক্ষা আৰু গণ মাধ্যম মন্ত্ৰ্যালয়ৰ সচিব ৰঞ্জিত আৰিয়াৰত্নে।

অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰে গংগাৰামায়া মন্দিৰৰ মুখ্য বিষয়া ড০ কিৰিন্দে আসাজী থেৰোৱে আৰু ইয়াৰ পিছত এই বিষয়ত এক পেনেল আলোচনা অনুষ্ঠিত হয়।পেনেলত দক্ষিণ বিহাৰৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অধ্যাপক আনন্দ সিং, বুদ্ধগয়া (ভিডিঅ' উপস্থাপনৰ জৰিয়তে), পালি আৰু বৌদ্ধ অধ্যয়নৰ স্নাতকোত্তৰ প্ৰতিষ্ঠানৰ বৌদ্ধ সংস্কৃতি বিভাগৰ পৰা অধ্যাপক মিৰিশ্বথথে উইমালাগনানা থেৰ’ উপস্থিত আছিল।

লগতে শ্ৰীলংকাৰ বৌদ্ধ আৰু পালি বিশ্ববিদ্যালয়ৰ পালি বিভাগৰ পৰা অধ্যাপক গোনাদেনিয়ে পন্নাৰথানা থেৰ’, কেলনিয়া বিশ্ববিদ্যালয়ৰ পালি আৰু বৌদ্ধ অধ্যয়ন বিভাগৰ পৰা ড° ডেনিয়ায়ে পান্নালোকা বুদ্ধৰক্কিঠা থেৰো আৰু কলম্বো বিশ্ববিদ্যালয়ৰ বৌদ্ধ অধ্যয়ন বিভাগৰ পৰা ড° এম সুগাথাছিৰি থেৰোৱে অংশগ্ৰহণ কৰে।

আলোচনাৰ আঁত ধৰে কলম্বোৰ ভাৰত উচ্চ আয়োগৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অধ্যাপক অংকুৰণ দত্তই। শ্ৰীলংকাৰ পণ্ডিতসকলে ভাৰত চৰকাৰে পালি ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্তক প্ৰশংসা কৰে আৰু বৌদ্ধ ঐতিহ্য আৰু সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰতি ভাৰতৰ গভীৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটোৱা এই পদক্ষেপৰ শলাগ লয়।

pali language