পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৰকান্ত লস্কৰৰ বিয়োগত শোকৰ ছাঁ

কাৰ্বি আংলঙৰ হাওৰাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী কৃতী প্ৰধান শিক্ষক হৰকান্ত লস্কৰ(৬৭)ৰ মৃত্যুত শোকৰ ছাঁ পৰিছে।

author-image
Asomiya Pratidin
New Update
haoraghat 29

ডিজিটেল সংবাদ হাওৰাঘাটঃ কাৰ্বি আংলঙৰ হাওৰাঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা অৱসৰী কৃতী প্ৰধান শিক্ষক হৰকান্ত লস্কৰ(৬৭)ৰ মৃত্যুত শোকৰ ছাঁ পৰিছে। জানিব পৰা মতে দেওবাৰে মাজ নিশা হাওৰাঘাটস্থিত নিজ বাসগৃহত তেওঁ আকস্মিকভাৱে মৃত্যুক সাৱটি লয়। 

সুদীৰ্ঘ শিক্ষকতা জীৱনত ১৯৮১ চনত স্থাপিত পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ লগতে পণ্ডিতঘাট অঞ্চলৰ শিক্ষাৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত প্ৰয়াত হৰকান্ত লস্কৰৰ আছিল অশেষ অৱদান। বিগত ৪৪ টা বছৰ গৰকা পণ্ডিতঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ পৰাই নিবিড়ভাৱে জড়িত থাকি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে নিয়োজিত হৈ বিদ্যালয়খনৰ লগতে অঞ্চলটোৰ শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰাত যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। 

অঞ্চলটোত জ্ঞানৰ জ্যোতিৰে বহু শিক্ষাৰ্থীক সমাজৰ সু-নাগৰিক হিচাপে গঢ় দিবলৈ সক্ষম হোৱা অৱসৰী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হৰকান্ত লস্কৰৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, নাতি, জী-জোঁৱাইৰ লগতে বহু আত্মীয় তথা গুণমুগ্ধক এৰি যায়। 

হাওৰাঘাট