পশ্চিম কাৰ্বি আংলঙৰ চিণ্ঠং বিচিক্ৰিত মাংগলিক প্ৰথাৰে আৰণাম পূজা পালন...

পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ তিনিখন জিলাৰ ৰাইজৰ আশা আকাংক্ষা  পূৰণৰ উদ্দেশ্যে তথা আগন্তুক সংসদ শীত কালীন অধিৱেশনত পাহাৰীয়া জিলাৰ সমস্যা সমূহৰ সমাধানৰ আশা কৰি পশ্চিম কাৰ্বি

author-image
Asomiya Pratidin
New Update
ujjjs

ডিজিটেল সংবাদ, হাওৰাঘাটঃ  পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ তিনিখন জিলাৰ ৰাইজৰ আশা আকাংক্ষা  পূৰণৰ উদ্দেশ্যে তথা আগন্তুক সংসদ শীত কালীন অধিৱেশনত পাহাৰীয়া জিলাৰ সমস্যা সমূহৰ সমাধানৰ আশা কৰি পশ্চিম কাৰ্বি আংলংঙৰ চিণ্ঠং অঞ্চলৰ বিচিক্ৰিত শুক্ৰবাৰে কাৰ্বি সকলৰ মাজত প্ৰচলিত চট ৰিচৌ আৰণাম পূজা পালন কৰা হয় ।

ভগৱানৰ পৰা আশীৰ্বাদ লাভ কৰাৰ উদ্দেশ্যে চিণ্ঠং  পিনপৌ গাঁৱৰ ওচৰত অৱস্থিত বিচিক্ৰিত কাৰ্বি সকলৰ পৰম্পৰাগত জনজাতীয় মাংগলিক ৰীতিনীতিৰে পূজা  অৰ্চনা কৰা হয় ৷  উল্লেখ্য যে পিনপৗ গাঁৱৰ পুৰোহিতৰ লগতে স্থানীয় পুৰোহিতৰ সহযোগিতাত এই চটৰি ৰিচৌ পৰম্পৰাগত পূজাত কুকুৰা, ছাগলী আৰু গাহৰি দান কৰে ।  

কাৰ্বিসকলৰ পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত কৰা পূজা স্থলীত ডিফুৰ পৰা যোৱা এটা সজাতী দল ক্ৰমে অজিত টিমুং আৰু ছিং টিমুং উপস্থিত থাকে । এই পূজাৰ জড়িয়তে তেওঁলোকে আশা প্ৰকাশ কৰে যে আগন্তুক দিনত পাহাৰীয়া জিলাৰ তথা ৰাইজৰ বহুদিনীয়া আশা আকাংক্ষা আৰু দাবী সমূহৰ সমস্যাবিলাক ভগৱানৰ আশীৰ্বাদত  সমাধান হ'ব বুলি ।

অসম