কাৰ্বি ভূমিৰ অশান্তজৰ্জৰ পৰিস্থতিৰ বাবে চৰকাৰক দোষাৰূপ কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ...

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ হিংসাত্মক ঘটনাত আৰক্ষীৰ গুলিত নিহত হোৱা লিনুচ ফাংচৰ বাসগৃহত উপস্থিত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ সজাতি দল।

author-image
Asomiya Pratidin
New Update
jdjjdjdd

ডিজিটেল সংবাদ, খেৰণিঃ  পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ হিংসাত্মক ঘটনাত আৰক্ষীৰ গুলিত নিহত হোৱা লিনুচ ফাংচৰ বাসগৃহত উপস্থিত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ সজাতি দল।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সজাতি দলটোয়ে লিনুচ ফাংচৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰাৰ লগতে এখনি সমবেদনা পত্ৰ প্ৰদান কৰে আৰু এই ঘটনা অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। 

গণতান্ত্ৰিকভাৱে জাতি, মাটি আৰু ভেটি ৰক্ষাৰ স্বাৰ্থত সাব্যস্ত কৰা প্ৰতিবাদত অসম চৰকাৰ কিম্বা কাৰ্বি পৰিষদ চৰকাৰে আওকাণ কৰাৰ পৰিণতিত এনে এক হিংসাত্মক ঘটনাৰ সূচনা হবলৈ পালে বুলি বিজেপি চৰকাৰক জগৰীয়া আৰু দোষাৰোপ কৰে ছাত্ৰ সংগঠনটোৰ নেতৃবৃন্দই। শেহতীয়াকৈ উচ্ছেদৰ দাবী সন্দৰ্ভত চৰকাৰে প্ৰদান কৰা দাবীসমূহ শীঘ্ৰে পূৰণ কৰিবলৈ দাবী উত্থাপন কৰে সংগঠনটোয়ে।

পশ্চিম কাৰ্বি আংলং