/asomiyapratidin/media/media_files/2025/11/05/ujjjdd-2025-11-05-16-31-29.jpg)
ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলংঃ বিশ্ব বৰেণ্য শিল্পী ক্ষুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ চতুৰ্থদশ মৃত্যু তিথি বুধবাৰে ৰাজ্যৰ সৰ্বত্ৰে পালন কৰা হয়। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত বৈঠালাংছ'ৰ ছেৰদিহুন আক্লামত এই দিৱস টি পালন কৰা হয়।
এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিফু লোকসভা সমষ্টিৰ সাংসদ অমৰ ছিং তিছʼ, হাওৰাঘাট সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং,পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত সাৰঙ্গপানী শৰ্মা প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উল্লেখযোগ্য যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ মাধ্যমিক, উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপৰি মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে ছাত্ৰ ছাত্ৰী, বিভিন্ন আত্ম সহায়ক গোটৰ মহিলাসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ষধাকন্ঠৰ কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে গীতটি পৰিবেশন কৰে।
আনহাতে মুখ্য অতিথি হিচাপে অংশ কৰি সাংসদ অমৰ ছিং তিচ্ছুয়ে ভাষন প্ৰসঙ্গত কয় যে, বৰ্তমান সময়ত এখন সুস্থ সমাজৰ গঢ় দিবলৈ হ'লে নৱ প্ৰজন্মই ভুপেন হাজৰিকাৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us