/asomiyapratidin/media/media_files/2025/08/09/panbazar-9-2025-08-09-10-03-14.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰৰ মাজমজিয়াৰ পাণবজাৰ অঞ্চলত সংঘটিত হোৱা গণপ্ৰহাৰৰ ঘটনাৰে সৈতে জড়িত ৮ জন ব্যক্তিক শুকুৰবাৰে নিশা আটক কৰিছে আৰক্ষীয়ে। তাৰ পূৰ্বে এই ঘটনাৰে জড়িত আন এজন লোকক শুকুৰবাৰে দিনত গ্ৰেপ্তাৰ কৰিছিল।
ঘটনাৰে জড়িতৰ সংখ্যা ইমানতেই অন্ত পৰা নাই। আন কেইবাজনো অভিযুক্তক আটক কৰিবলৈ প্ৰস্তুতি চলাইছে আৰক্ষীয়ে। উল্লেখ্য যে, পাণবজাৰৰ কটন বিশ্ববিদ্যালয়ৰ সমীপত ৮ আগষ্ট, শুকুৰবাৰে একাংশ লোকে দুই যুৱকক চুৰিকাণ্ডৰ অভিযোগত ৰাজহুৱাকৈ প্ৰহাৰ কৰিছিল।
আইন হাতত তুলি লৈ এইদৰে দুই যুৱকক প্ৰহাৰ কৰাৰ ফলতেই প্ৰাণ হেৰুৱাই তিলক দাস নামৰ যুৱকজনে। আনহাতে দীপাংকৰ হাজৰিকা নামৰ আন এজন এতিয়াও সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছে।
স্মৰ্তব্য, দীৰ্ঘদিন ধৰি কেইটামান চোৰে কটন বিশ্ববিদ্যালয়ৰ কাষৰ ‘খাও গলি’ত উপদ্ৰৱ চলাই আহিছিল। পদপথৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত এই চোৰ কেইটাই বিভিন্ন সময়ত চুৰি কাৰ্যত লিপ্ত হৈছিল।
অভিযোগ অনুসৰি এই ক্ষুদ্ৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহৰ গেছৰ চিলিণ্ডাৰকে ধৰি বিভিন্ন সামগ্ৰী চোৰ কৰি নিছিল এই চোৰৰ দলটোৱে। সেই চুৰি কাণ্ডৰ সন্দেহতে স্থানীয় একাংশ লোক আৰু একাংশ ব্যৱসায়ীয়ে শুকুৰবাৰে দুজনকৈ যুৱকক আটক কৰে।
তাৰ পিছতেই আইন হাতত তুলি লৈ তেওঁলোকে দুয়োকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। এইদৰে গণপ্ৰহাৰত মুমূৰ্ষ অৱস্থাত দুয়োকে পেলাই দিয়ে পথৰ কাষৰ নলাত। ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত ঘটনাস্থলীত পাণবজাৰ আৰক্ষী উপস্থিত হৈ প্ৰহৃত দুয়োকে উদ্ধাৰ কৰি জি এম চি এইছলৈ প্ৰেৰণ কৰে।
জি এম চি এইছতে মৃত্যুক সাৱটি লৈ গণপ্ৰহাৰৰ বলি হোৱা তিলক দাস নামৰ যুৱকজনে। আনহাতে এতিয়াও সংকটজনক অৱস্থাত আই চি ইউত ভৰ্তি হৈ আছে পেচাত ৰং মিস্ত্ৰী দীপাংকৰ দাস। জানিব পৰা মতে দীপাংকৰ দাসৰ ঘৰ মৰিগাওঁ জিলাত।
পৰৱৰ্তী সময়ত আৰক্ষীয়ে শীঘ্ৰেই এই ঘটনাৰে জড়িত আটাইকেইজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে উল্লেখ কৰিছিল ডিচিপিগৰাকীয়ে। সেই মতেই দিনৰ নিশাৰ ভাগলৈ ৮ জন অভিযুক্তক আটক কৰে আৰু আন কেইবাজনকো আটক কৰিব বুলি প্ৰকাশ কৰিছে।
কিন্তু প্ৰশ্ন হয়, আৰক্ষীয়ে গিজগিজাই থকা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত বিশেষকৈ পাণবজাৰৰ দৰে এটা ব্যস্ত অঞ্চলত কিদৰে ইমান এক ডাঙৰ অঘটন সংঘটিত হ'বলৈ পালে? দুজনকৈ যুৱকক এদল লোকে ৰাজহুৱা ভাৱে প্ৰহাৰ কৰি থকাৰ সময়তো কিয় আৰক্ষীয়ে সুৰক্ষা প্ৰদান কৰিব নোৱাৰিলে?
গণপ্ৰহাৰৰ দৰে ঘটনাত ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানত বহু ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। প্ৰতিবাৰেই এনে ঘটনাৰ পিছত এক জনমত গঠন হয় যদিও গণপ্ৰহাৰৰ ঘটনা হ্ৰাস পোৱাৰ পৰিবৰ্তে বৃদ্ধিহে হয়। আনহে নালাগে বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰৰ নিশালৈকে গুৱাহাটীত ৩ টাতকৈ অধিক এনে ঘটনা সংঘটিত হৈছে।
এনে ঘটনাৰ আঁৰৰ কাৰণ কি সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। গণ প্ৰহাৰৰ দৰে ঘটনাৰে জড়িতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ উদাহৰণ অসম আৰক্ষীয়ে দেখুৱাব পাৰিছেনে সেয়াও প্ৰশ্নৰ বিষয়। অভি-নীল কাণ্ডৰ দৰে ঘটনাৰে জড়িতৰ বিচাৰ প্ৰক্ৰিয়া এতিয়াও অন্ত পৰা নাই। এতিয়াও দোষীয়ে শাস্তি ভোগ কৰা নাই। এনে পৰিস্থিতিত গণ প্ৰহাৰৰ দৰে ঘটনাক ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কিধৰণে পৰৱৰ্তী সময়ত পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।
আৰক্ষীয়ে আটক কৰা গণপ্ৰহাৰৰ অভিযুক্তসকলঃ
- জিতু কলিতা
- গৌতম লহকৰ
- হীৰক মেধী
- ছাৰিফুল আহমেদ
- আব্দুল খালেক
- মহম্মদ মিজাজুল হক
- ধ্ৰুৱজ্যোতি পাঠক
- সমৰ জ্যোতি শৰ্মা