/asomiyapratidin/media/media_files/2025/10/21/dddddddddddd-2025-10-21-10-37-28.jpg)
ডিজিটেল ডেস্কঃ অসম আৰক্ষী দলে ছিংগাপুৰত উপস্থিত হৈ জুবিন মৃত্যুকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে। ছিংগাপুৰ আৰক্ষীৰ পৰা অসম আৰক্ষীৰ দলে জুবিন গাৰ্গ ১৮ছেপ্টেম্বৰ, ২০২৫ত থকা হোটেলখনৰো তথ্য আহৰণ কৰিব। ছিংগাপুৰৰ পেন পেচিফিক হোটেলখন হৈছে বিশ্বৰ ভিতৰতে এখন আগশাৰীৰ হোটেল। সকলো সুবিধাই উপলদ্ধ এই হোটলখনে ২০২৪চনত বিশ্বৰ ভিতৰতে ওখ অট্টালিকাৰ হোটেলৰ স্বীকৃতি লাভ কৰিছিল।
ছিংগাপুৰৰ পেন পেছিফিক হোটেলখন হৈছে ২৩মহলীয়া। ১৪০মিটাৰ ওখ এই হোটলখন ২০২৩চনত মুকলি কৰা হৈছিল। অত্যাধুনিক সা-সুবিধা আৰু আটক ধুূনীয়া ডিজাইনেৰে এই হোটলখন Woha Architectsএ আৰ্হি প্ৰস্তুত কৰিছিল।
এই হোটেলখনৰ মালিকীস্বস্ত আছে UOL Group Limitedৰ হাতত। ১৯৬৩চনত আৰম্ভণি হৈছিল এই গ্ৰুপটোৰ। বৰ্তমান বিশ্বৰ প্ৰায় প্ৰত্যোকখন দেশতে আছে এই গ্ৰুপটোৰ হোটেল। আতিথ্য ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে নাম আছে এই গ্ৰুপটোৰ। ছিংগাপুৰতে মুখ্য কাৰ্যালয় আছে UOL Group Limitedৰ।
ছিংগাপুৰৰ এই হোটলখনৰ আটাইতকৈ কম মূল্যৰ ৰূমটোৰ দাম হৈছি এদিনত ২১, ৩৪৪টকা। অতিপাত সা সুবিধা থকা এটা ৰূমৰ ভাড়া এদিনত প্ৰায় ডেৰ লাখ টকালৈকে আছে। হোটেলখনৰ ভিৰতৰে আছে বাৰ, ৰেষ্টুৰেন্ট, খেলাৰ সুবিধা, বিউটি পাৰ্লাৰ আদি।