/asomiyapratidin/media/media_files/2026/01/31/35-2026-01-31-22-40-20.jpg)
ডিজিটেল সংবাদ, বেবেজীয়া : উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলাৰ বেবেজীয়াস্থিত কাৰ্যালয়ৰ পালনাম থানত ৯০ সংখ্যক বাৰ্ষিক মহাপালনাম কীৰ্তন আৰু ধৰ্ম সভা হৰিনামৰ অমিয়া ৰসৰে উদুলি-মুদুলি পৰিবেশত আজিৰ পৰাই আৰম্ভ হৈছে। মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিক অধিক প্ৰাণৱন্ত কৰাৰ সংকল্পৰে শংকৰ দেৱ বঁটা বিজেতা বাপ ঈশ্বৰখ্যাত আচাৰ্য প্ৰয়াত ইলাৰাম দাস আতাই গঠন কৰা একশৰণ ভাগৱতী সমাজৰ মহপালনাম আৰু ধৰ্ম সভাৰ কাৰ্যসূচী অনুসৰি আজি প্ৰথম দিনটোত পুৱা ৪ বজাত প্ৰাতঃ প্ৰসংগ পৰিচালনা কৰে জিলা নামাচাৰ্য সোমেশ্বৰ আতাই।
৮ বজাত ভকত আদৰণি , ৯ বজাত শৰাই অৰ্চন আৰু পুৱা ১০ বজাত ধৰ্ম ধৱজ্বা উত্তোলন কৰে একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য বালিৰাম দাস আতাই । ১১ বজাত বুঢ়া আতা সকলৰ পৰিচালনাত মধ্যাহ্ন প্ৰসংগ,১১.৩০ বজাত সতী ৰাধিকা মাতৃ সেৱা সমাজ আৰু তৰুণ বিদ্যাৰ্থী সমাজৰ সমাৰোহ অনুষ্ঠিত হয়।
উল্লেখ্য যে বিয়লি একশৰণ ভাগৱতী সমাজৰ মুখপত্ৰ "কল্পতৰু" উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ যোগেন্দ্ৰ দাসে । স্মৃতিগ্ৰন্থৰ সভাপতি অনন্ত কুমাৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত 'কল্পতৰু'ৰ গ্ৰন্থ উন্মোচন সভাখনিত উন্মোচক যোগেন্দ্ৰ দাসে কয় যে মহাপুৰুষ গুৰুজনাই নামধৰ্মৰ যোগেদি সমন্বয়ৰ বৰ অসম গঢ়ি গ'ল , ইয়েই অসমীয়াৰ জাতিক বিশ্ব দৰবাৰত জিলিকাই ৰাখিছে। নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক প্ৰদীপ দাসে আঁত ধৰা সভাখনত উপাচাৰ্য বালিৰাম দাস আতা, শৰণাচাৰ্য্য মুহিধৰ দাস, হীৰেণ দাস, প্ৰবীণ দাস, মৃদুল দাস, লক্ষ্যজিত দাস, নগাঁও জিলাৰ সভাপতি ভুৱনেশ্বৰ দাস, সম্পাদক উমাকান্ত দাস, প্ৰচাৰ সচিব ডেভিড দাস, লক্ষীকান্ত দাস, মুৰুলীধৰ দাস, সতী ৰাধিকা মাতৃ সেৱা সমাজৰ অৰ্চনা ভড়ালী, দীপা দাসকে ধৰি ভক্তপ্ৰাণ ৰাইজৰ লগতে ভকত বৈষ্ণৱসকল উপস্থিত থাকে।
সন্ধিয়া বুঢ়া আতা সকলৰ দ্বাৰা সন্ধ্যা প্ৰসঙ্গ আৰু জপ অনুষ্ঠান অনুষ্ঠিত হয়।অন্যহাতে কাইলৈৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পুৱা ৪ বজাত জিলা নামাচাৰ্য নিৰ্মল আতাৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগ, ৮ বজাত ভকত আদৰণি, ৮.৩০ বজাত শৰাই অর্চন, ৯ বজাত জিলা তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা,১০ বজাত শ্ৰীৰাম আতা আঞ্চলিক, ঘাগৰীয়াল গায়ন বায়নৰ দ্বাৰা খোল প্ৰসংগ, ১১ বজাত বুঢ়া আতা সকলৰ দ্বাৰা মধ্যাহ্ন প্ৰসঙ্গ অনুষ্ঠিত হ'ব।
বিয়লি ২ বজাত একশৰণ ভাগৱতী সমাজৰ উপাচাৰ্য বালিৰাম আতাৰ সভাপতিত্বত ধৰ্মসভা অনুষ্ঠিত হব।সভাত শ্ৰদ্ধাঞ্জলি জনাব একশৰণ ভাগৱতী সমাজৰ শৰণাচাৰ্য্য মুহিধৰ আতাই। সভা উদ্বোধন কৰিব একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জীৱন চন্দ্ৰ কাকতি আতাই।নিৰ্দিষ্ট বক্তা ৰূপে একশৰণ ভাগৱতী সমাজৰ অধ্যক্ষ প্ৰতাপ চন্দ্ৰ মেধি আতাই ভাষণ প্ৰদান কৰিব।
"মহাপুৰুষ গুৰুজনাৰ সাধন তত্ত্ব"শীৰ্ষক বিষয়ৰ ওপৰত বিশ্বনাথ ঘাটৰ মন্দিৰা ভৰালী আই,"ভাৰতীয় বৈষ্ণৱ ধৰ্মৰ প্ৰেক্ষাপটত মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ একশৰণ হৰি নাম ধৰ্মত আই সকলৰ ভূমিকা"আদি গভীৰ বিষয়ত ভাষণ প্ৰদান কৰিব।সভাত মুখ্য অতিথি ৰূপে ৰাজ্যৰ মন্ত্ৰী কেশৱ মহন্ত, বিশিষ্ট অতিথি ৰূপে নগাওঁ জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মা,জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,বিধায়ক ৰূপক শৰ্মা,বিধায়ক শশীকান্ত দাস,কামৰূপ গ্ৰাম্যৰ অতিৰিক্ত আয়ুক্ত গৰ্গৰাম দাস উপস্থিত থাকিব বুলি কাৰ্য্যসূচীত প্ৰকাশ পোৱাৰ লগতে নিমন্ত্ৰিত অতিথি ৰূপে একশৰণ ভাগৱতী সমাজৰ উপাধ্যক্ষ যোগেন দাস আতা,ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া (আঠাৱালে )ৰ (কাৰ্য্যসূচীত অপ্ৰকাশিত)ৰাজ্যিক সভাপতি কল্যাণ কুমাৰ শৰ্মা,ৰহা সম জিলা আয়ুক্ত অংকিতা বৰা ,কলিয়াবৰ গৃহ নিৰ্মাণ সমিতিৰ সম্পাদক কৃষ্ণ হাজৰিকা আদি উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।
সন্ধ্যা ৫ বজাত থানৰ চৌহদত বন্তি প্ৰজ্বলন, যোগীজন বৰহোলাৰ নাৰায়ণ বাপৰ পৰিচালনাত "গুণমালা"কীৰ্তন ,নিশা ৮ বজাত পালনামৰ শৰাই অৰ্চন,৯ বজাত পূব দক্ষিণ কপিলী পৰীয়া আঞ্চলিক গায়ন বায়নৰ দ্বাৰা খোল প্ৰসংগ আৰু নিশা ১০ বজাৰ পৰা বুঢ়া আতা সকলৰ পৰিচালনাত "মহাপালনাম"আৰম্ভ হোৱাৰ লগতে তৃতীয় দিনাৰ কাৰ্যসূচীত পুৱা ৫ বজাত পালনাম সামৰণি আৰু কৃপা প্ৰাৰ্থনা,৯ বজাত শ্ৰীমদ ভাগৱত ভ্ৰমণ উদ্বোধন কৰিব মনেশ্বৰ কৈৱৰ্ত্ত আতাই।অন্যহাতে চতুৰ্থ দিনৰ কাৰ্যসূচীত পুৱা ৪ বজাত নামঘৰীয়া ব্ৰজেন আতাৰ পৰিচালনাত প্ৰাতঃ প্ৰসংগ,৮ বজাত শৰাই অৰ্চন,৯ বজাৰ পৰা শৰনাচাৰ্য্য মুহিধৰ আতাৰ পৰিচালনাত শৰণ ভজন শিবিৰৰ লগতে বিয়লিৰ ভাগত ধৰ্ম ধৱজা অৱতৰণেৰে অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us