ডিজিটেল ডেস্কঃ দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে,ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'বলগীয়া পলাশবাৰী-শুৱালকুছি দলঙৰ ভূমি পূজন আজি সম্পন্ন কৰা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৪ এপ্ৰিলত অসম ভ্ৰমণ কৰাৰ সময়ত জনসেৱাৰ উদ্দেশ্যৰে অসমবাসীক এইমছ, ৩খন নতুন মেডিকেল কলেজ উৎসর্গিত কৰাৰ লগতে নাহৰকটীয়াত পেট্র'কেমিকেলছ প্ৰকল্পৰ শুভ উদ্বোধন কৰিছিল।
ইয়াৰ উপৰি সেই দিনটোত সৰুসজাই ক্রীড়া প্ৰকল্পৰ পৰা ৩১৯৭.২০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া পলাশবাৰী-শুৱালকুছি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল, বুলিও কয় মুখ্যমন্ত্ৰীয়ে।আজি সকলো আনুষ্ঠানিকতা হোৱাৰ পিছত ভূমি পূজন কৰা হয়।
এই দলংখন ২০২৮ চনৰ জুন মাহত সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে। লগতে তেওঁ কয় যে,দলংখন ৩.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ হ'ব, পলাশবাৰীৰ দিশত ৫.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ থাকিব আৰু শুৱালকুছিৰ দিশত ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ'ব।