/asomiyapratidin/media/media_files/2026/01/24/palasjbaroiiii-2026-01-24-17-55-47.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃপলাশবাৰী ৰাজহ চক্ৰত ভৰি পৰিছে একাংশ ভূ-মাফিয়া, মাটিৰ দালাল। দুখীয়া নিচলা তথা সৰ্বসাধাৰণ লোকৰ কামৰ নামত বাট কুঁৰি বা লাগে। অথচ পুৱাৰ পৰা সন্ধিয়ালৈ ভূ-মাফিয়াৰে ভৰি থকা পলাশবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাফিয়া, দালালৰ কাম হয় সহজতে। অভিযোগ উত্থাপন হৈছে যে, যিমানেই এই পলাশবাৰী ৰাজহ চক্ৰলৈ বিষয়া ৰদবদল নৌহওঁক কিয়, এই বিষয়া-কৰ্মচাৰীৰ লগত সহজতে মিলি যায় মাটিৰ দালাল, মাফিয়া বাহিনীৰ লোক।
ইয়াৰ ফলত নিতৌ ইজনৰ পিছত সিজনকৈ নামী-দামী দালালৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে এই পলাশবাৰীৰ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়। একাংশ লোকৰ অভিযোগ অনুসৰি কাৰ্যালয় বন্ধ থকাৰ সময়তো দালাল, মাফিয়াই বিনা-দ্বিধাই কাম চলাই যায় পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত।
এইক্ষেত্ৰত বন্ধৰ দিনতো পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভূ-মাফিয়া পংকজ জৈন ওৰফে পতু, তপন মালী বাহিনীৰ লোকে মাটি ক্ৰয়-বিক্ৰয়ৰ কামত নামি পৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকে বিলাসী বাহনেৰে আহি কাম-কাজ চলাই যোৱাৰ উপৰি একাংশ চাতুকাৰ বাহিনীৰ দ্বাৰাও কাম চলাই গৈছে।
অভিযোগ মতে, আৰক্ষী-প্ৰশাসনৰ সহায়-সহযোগত একাংশ দালাল মাফিয়াৰ জৰিয়তেই সাতপখলী, ধনতোলা, উপৰহালী, ৰামপুৰ, ভিআইপি, পলাশবাৰী, বাটৰহাট আদি বহু ঠাইত দুখীয়া লোকৰ পৰা পানীৰ দৰত ভূমি ক্ৰয় কৰি আহিছে এওঁলোকে। আনকি বিজেপিৰ প্ৰভাৱশালী নেতা, পালি নেতাৰেও সম্পৰ্ক আছে এওঁলোকৰ।
বৰ্তমানৰ দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীৰ সৈতে এই পুতু জৈনৰ সম্পৰ্ক অতি মধুৰ। সেয়ে আৰক্ষী-প্ৰশাসন, বিজেপিৰ নেতা-পালিনেতাৰ সহায়-সহযোগত পুতুৰ দৰে দালাল, ভূ-মাফিয়াসকলে মাফিয়াৰাজ চলোৱাৰ অভিযোগ উঠিছে।
এই সকল লোকক পলাশবাৰী ৰাজহ চক্ৰ বিষয়া সকলেই এক প্ৰকাৰ ভয় কৰিয়েই চলি আহিছে। যাৰবাবে এওঁলোকৰ যান-বাহন আহিলেই কাৰ্যালয়ৰ পৰা আন সৰু-সুৰা বিষয়া কৰ্মচাৰীয়ে বাহিৰলৈ ওলাই অহাতো এক নিয়মত পৰিণত হৈছে। এতিয়া এনেকৈয়ে পলাশবাৰী ৰাজহ চক্ৰৰ কাম-কাজ চলি থকাৰ অভিযোগ উত্থাপন হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us