/asomiyapratidin/media/media_files/2025/11/07/ujjjdd-2025-11-07-22-33-28.jpg)
ডিজিটেল সংবাদ, পলাশবাৰীঃ দক্ষিণ কামৰূপৰ ঐতিহ্যৰে গৰকা পলাশবাৰী ৰাস মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা পলাশবাৰী অঞ্চলবাসী ৰাইজে যোৱা ৫ নৱেম্বৰ পৰা পৰা ১৯ নৱেম্বৰলৈ পোন্ধৰদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাস মহোৎসৱ আৰম্ভ হৈছে। অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্যই দ্বাৰ মুকলিৰে শুভ উদ্বোধন কৰা হয় পলাশবাৰী ৰাস মহোৎসৱ। মহোৎসৱৰ ৬ নৱেম্বৰৰ সন্ধিয়া সাংবাদিক সন্মিলন অনুষ্ঠিত হয়।
জ্যেষ্ঠ সাংবাদিক অনিল কলিতাই মঞ্চ মুকলি কৰাৰ পিছতে জ্যেষ্ঠ সাংবাদিক অশ্বিনী কুমাৰ তালুকদাৰ আৰু সাংবাদিক তথা ই.পি.মিডিয়া ফ'ৰাম চাউথ কামৰূপৰ সভাপতি ৰতন কলিতাই বন্তি প্ৰজ্বলন কৰে। ৰাস মহোৎসৱ যুটীয়া সাধাৰণ সম্পাদক পংকজ দাসে আঁতধৰা অনুষ্ঠানত দক্ষিণ কামৰূপ সাংবাদিক, সংবাদ কৰ্মীসকলক সামাজিক কৰ্মৰ চানেকি হিচাপে একোখনকৈ ফুলাম গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ পিছতে সাংবাদিক সন্মিলন অনুষ্ঠিত হয়। সাংবাদিক নীৰেণ চন্দ্ৰ মালীয়ে আঁতধৰা সাংবাদিক সন্মিলনত ৰাস মহোৎসৱৰ সভাপতি মণিময় কৰ, জ্যেষ্ঠ সাংবাদিক অনিল কলিতা, অশ্বিনী কুমাৰ তালুকদাৰ, ৰতন কলিতা, বিশ্বজিৎ কলিতা, দুলন কলিতাকে ধৰি উপস্থিত সাংবাদিক সকলে গীত, কবিতা আবৃত্তি আৰু নিজৰ নিজৰ মনোভাৱ ব্যক্ত কৰে। আনহাতে ৰাস মহোৎসৱৰ প্ৰতি দিনে সাংস্কৃতিক অনুষ্ঠান, ধৰ্মালোচনী সভা, প্ৰতিযোগিতা মূলক অনুষ্ঠান, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, যাত্ৰাভিনয়, লোক সংস্কতি উৎসৱ, হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ উপজা দিন আদি অনুষ্ঠান অনুষ্ঠিত হ'ব।
প্ৰায় ৭০ লাখ টকা ব্যয় সাপেক্ষে অনুষ্ঠিত হোৱা ৰাস মহোৎসৱত এইবেলি মুখ্য মণ্ডপ সহিতে ৪২ টা স্তল থকাৰ উপৰিও বাহিৰত ৩ টা আৰু ভিতৰত ৪ টা স্তল বৈদ্যুতিন মাধ্যমৰে আটকধুনীয়া সজাই তোলাই হৈছে। আনহাতে সদ্য প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ নামত মুখ্য তোৰণটি উৎসৰ্গা কৰি ৰংঘৰৰ আৰ্হিত প্ৰস্তুত কৰি উপস্থিত ভক্তপ্ৰাণ দৰ্শকক আকৰ্ষিত কৰিছে। ৰাস মহোৎসৱৰ আটাইকেদিনৰ সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us