/asomiyapratidin/media/media_files/2025/10/07/7c0e558b-f76a-4bb5-b73f-ed93151b3451-2025-10-07-10-09-30.jpg)
ডিজিটেল সংবাদ, পলাশবাৰীঃ ঐতিহ্যমণ্ডিত ৭৯ তম্ পলাশবাৰী ৰাস মহোৎসৱৰ সোমবাৰে লাইখুঁটা স্থাপন কৰা হয়। পলাশবাৰী নতুন বজাৰস্থিত ৰাস মহোৎসৱৰ উৎসৱস্থলীত পুৱা ১১ঃ৩০ বজাত এই লাইখুঁটা স্থাপন কৰে পলাশবাৰী ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰে । লাই খুটা স্থাপন কৰি মণিময় কৰে অহা ৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ ১৫ দিনীয়া বর্ণাঢ্য কার্যসূচীৰে অনুষ্ঠিত হব লগীয়া শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস লীলা সফল কৰি তুলিবৰ বাবে ৰাইজলৈ আহ্বান জনায়।
ৰাস উদ্যাপন সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক পংকজ দাস আৰু অৰূপ দাসে আঁত ধৰা অনুষ্ঠানত সভাপতি মণিময় কৰ, কার্যকৰী সভাপতি লক্ষী কাকতি,সম্পাদক সত্যজিৎ কলিতা, কোষাধ্যক্ষ বিপুল দাস ,পলাশবাৰী ৰাস মহোৎসৱৰ মুখপত্র 'ৰাসক্রীড়া'ৰ সম্পাদক নৱ কুমাৰ বৰা ,দিলীপ কুমাৰ দাসকে ধৰি ভালে সংখ্যক ৰাইজৰ লগতে বিষয় ববীয়া উপস্থিত থাকে।
ইতিমধ্যে যোৱা ১৩ জুলাইত ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ সাধাৰণ সভাত এখন ৩৭ জনীয়া কার্যনির্বাহক সমিতি গঠন কৰা হয় । উক্ত সভাত মণিময় কৰক সভাপতি, কার্যকৰী সভাপতি লক্ষী কাকতি, উপ - সভাপতি জিতেন কলিতা আৰু চবিন কলিতা, যুটীয়া সাধাৰণ সম্পাদক পংকজ দাস আৰু অৰূপ দাস, সম্পাদক ক্রমে সত্যজিৎ কলিতা, পংকজ কুমাৰ আৰু তপন কুমাৰ প্রমুখ্যে মুঠ ৩৭ জনীয়া উদ্যাপন সমিতি গঠন কৰা হয়।
কার্যনির্বাহক সমিতিখনে ইতিমধ্যে ৰাস মহোৎসৱ উদ্যাপনৰ অর্থে প্রস্তুতি তীব্রতৰ কৰি তুলিছে । ৰাস মহোৎসৱ সফল কৰি তুলিবলৈ আহ্বান জনাইছে উদ্যোগতা সকলে।