বৰদুৱাৰ বাগানত খিলঞ্জীয়াৰ ভূমি ৰক্ষাৰ বাবে আইনী সহায়ৰ আশ্বাস প্ৰশান্ত ভূষণৰ

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ৰাইজক উচ্ছেদ কৰি চৰকাৰে বলপূৰ্বক ছেটেলাইট টাউনশ্বীপ প্ৰকল্প স্থাপন কৰিবলৈ উঠি পৰি লাগিছে।

author-image
Asomiya Pratidin
New Update
xzxzxzxzx

ডিজিটেল সংবাদ, পলাশবাৰীঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ৰাইজক উচ্ছেদ কৰি চৰকাৰে বলপূৰ্বক ছেটেলাইট টাউনশ্বীপ প্ৰকল্প স্থাপন কৰিবলৈ উঠি পৰি লাগিছে। এটা দুষ্ট চক্ৰৰ সহায়ত চৰকাৰে স্থাপন কৰিব খোজা এই ছেটেলাইট টাউনশ্বীপৰ বিৰোধীতাত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে অঞ্চলটোৰ ৰাইজ, দল সংগঠনৰ লোক, বুদ্ধিজীৱী, অধিবক্তা, লেখক, পৰিৱেশকৰ্মী, জাতীয়তাবাদী নেতাৰ লগতে অসমৰ বিভিন্ন লোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। 

Advertisment

এই ধাৰাবাহিক প্ৰতিবাদৰ মাজতে শনিবাৰে বিয়লিৰ ভাগত বৰদুৱাৰ বাগান অঞ্চলত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, লেখক তথা মানৱ অধিকাৰ কৰ্মী প্ৰশান্ত ভূষণ। তেওঁ এই অঞ্চলটোলৈ আহি ইয়াৰ সেউজীয়া পথাৰ, পাহাৰ আদি দেখি অভিভূত হৈ পৰে। মানৱ অধিকাৰ কৰ্মী, লেখক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে বৰদুৱাৰ বাগানবাসী ৰাইজৰ দুখ দুৰ্গতিৰ আশংকা তথা সংশয়ৰ বুজ লোৱাৰ উদ্দেশ্য এই অঞ্চলটোলৈ অহাত তেওঁক প্ৰথমে ভূমি পট্টন দাবী সমিতিৰ ফালৰ পৰা ৰাভা জাতীয় পাজাৰেৰে সম্ভাষণ জনায়।

এই সন্দৰ্ভত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ সমন্বয়ক তথা প্ৰাক্তন শিক্ষক গজেন চন্দ্ৰ ৰাভাৰ বাসগৃহত সমিতিৰ মুখ্য আহ্বায়ক আদিত্য ৰাভাই আঁত ধৰা সভাত তেওঁ এই অঞ্চলটোলৈ আহি বাগান বৰদুৱাৰৰ দৰে এনে সুন্দৰ পৰিৱেশ ভাৰতবৰ্ষত বহুত কম আছে বুলি উল্লেখ কৰে। তেওঁ এই অঞ্চলটোৰ ৰাইজক উচ্ছেদ কৰি চৰকাৰে চেটেলাইট টাউনশ্বীপ প্রকল্প স্থাপন কৰিব খোজা কাৰ্যত দুখ প্ৰকাশ কৰে। তেওঁ ৰাইজৰ মাজৰ পৰা এই ছেটেলাইট টাউনশ্বীপ প্ৰকল্পৰ পৰা হ'ব পৰা ক্ষয় ক্ষতিৰ বিষয়ে বুজ লয়। 

এই ছেটেলাইট টাউনশ্বীপ হ'লে প্ৰায় ২১০০ শ পৰিয়ালৰ প্ৰায় ১৩০০০ লোক ক্ষতিগ্ৰস্ত হ'ব বুলি আদিত্য ৰাভাই কোৱাত অধিবক্তা প্ৰশান্ত ভূষণে ৰাজনৈতিক যুদ্ধ কৰি ৰাইজে এই কৃষিভূমিক উদ্ধাৰ কৰিব লাগিব বুলি উল্লেখ কৰে। তেওঁ বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে চলাই যোৱা গণতান্ত্ৰিক আন্দোলনলৈ পূৰ্ণ সমর্থন আগবঢ়ায়। বৰদুৱাৰ বাগানৰ শংকিত হেজাৰ হেজাৰ খিলঞ্জীয়া মানুহে চলাই থকা গণতান্ত্ৰিক আৰু ৰাজনৈতিক যুদ্ধৰ সমান্তৰালভাৱে প্ৰয়োজনত আইনী যুঁজৰ সংগ্ৰাম খন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে। লগতে তেওঁ ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ফেচীবাদী তথা খিলঞ্জীয়া বিৰোধী চৰকাৰ বুলি অভিহিত কৰে। 

প্ৰশান্ত ভূষণে সভাত উল্লেখ কৰে যে, "এই চৰকাৰখনে খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ নিজৰ মতত কাম কৰি গৈছে। পৰৱৰ্তীকালত এই চৰকাৰক সলনি কৰিব পাৰিলেহে হয়তো ৰাইজে নিজৰ অধিকাৰ ৰক্ষা কৰিব পাৰিব। তেওঁ এই আইনী যুঁজত খিলঞ্জীয়াৰ পক্ষত তেওঁৰ সহায়-সহযোগ থাকিব" বুলি কোৱাত সমবেত লোকে সন্তোষ প্ৰকাশ কৰে। 

ইফালে, তেওঁৰ সৈতে প্ৰচাৰ ভাৰতীৰ প্ৰাক্তন সঞ্চালক জৱহাৰ চৰকাৰ, অসম নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী উপস্থিত থাকি ৰাইজৰ সৈতে এক আলোচনাত মিলিত হয়। লগতে এই সভাত সমিতিৰ সভাপতি গোবিন্দ ৰাভা,সম্পাদক আদিত্য নাগ,আন বিষয়ববীয়া/সদস্য ক্ৰমে অৰুণ দিয়া, মুনীন্দ্ৰ ৰাভা, জ্যোতিষ ৰাভা, বানেশ্বৰ ৰাভা, ৰামচিং দিয়া, পখীৰাজ ৰাভা, শুভাকাঙ্খী তথা নৱোদয় আদৰ্শ বিদ্যামন্দিৰ বৰিহাটৰ অধ্যক্ষ কল্প কলিতাকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।

পলাশবাৰী