/asomiyapratidin/media/media_files/2026/01/24/palalalalalallala-2026-01-24-22-49-26.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পূৱ কামৰূপ বন সংমণ্ডলৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জাৰ বটীয়াপাৰাত থকা বিনয় কলিতাৰ শিলৰ ক্ৰেচাৰত সংঘটিত অগ্নিকাণ্ড। নিমিষতে এই জুইৰ লেলিহান শিখাই ক্ৰেচাৰটোৰ চৌপাশ বিয়পি পৰাই নহয়, কাষত থকা কেইবাডালো চেগুন গছ জুইত জাহ যায়।
ঘটনাৰ বিৱৰণী মতে, এই ক্ৰেচাৰটোত থকা আলকাতৰাত জুই লাগি এই ঘটনা সংঘটিত হয়। প্ৰচণ্ড জুইত কোটি টকাৰ সা-সম্পদ অনিষ্ট হোৱাৰ সন্দেহ প্ৰকাশ কৰে কৰ্মচাৰীয়ে। এই খবৰ বিয়পি যোৱাৰ পাছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
এই ঘটনাৰ পাছচত লগতে ঘটনাস্থলীত পলাশবাৰী আৰক্ষীৰ লোক উপস্থিত হৈ এই ঘটনাৰ বুজ লয়। উল্লেখ্য যে, আৰক্ষী-প্ৰশাসন, বন বিভাগ তথা প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডক হাতত ৰাখি দক্ষিণ কামৰূপৰ বিভিন্ন জনবসতিপূর্ণ ঠাইত একাংশ লোকে এনে ধৰণৰ শিলৰ ক্ৰেচাৰ স্থাপন কৰি এখন ৰমৰমীয়া ব্যৱসায় চলাই যাবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us