পলাশবাৰী,ৰাণী, চানডুবি অঞ্চলত বন্যহস্তী-মানুহৰ সংঘাত

পলাশবাৰী, লোহাৰঘাট, চানডুবি আৰু ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত বিভিন্ন স্থানলৈ খাদ্যৰ সন্ধানত চুবুৰীয়া মেঘালয় জংঘলৰ পৰা ওলাই অহা বন্যহস্তীয়ে কেইবাবছৰ ধৰি ধাৰাবাহিক উপদ্ৰৱ চলাই আহিছে।

author-image
Asomiya Pratidin
New Update
ELEPHANT KDJFG

ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী, লোহাৰঘাট, চানডুবি আৰু ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত বিভিন্ন স্থানলৈ খাদ্যৰ সন্ধানত চুবুৰীয়া মেঘালয় জংঘলৰ পৰা ওলাই অহা বন্যহস্তীয়ে কেইবাবছৰ ধৰি ধাৰাবাহিক উপদ্ৰৱ চলাই আহিছে। এই উপদ্ৰৱৰ ফলত গঞাই মৃত্যুক আকোৱালি লোৱাই নহয়, বহুজনে আহত হৈ চিকিৎসাধীন অৱস্থাত আছে। 

লগতে এই বন্যহস্তীৰ উপদ্ৰৱৰ ফলত গঞাৰ ঘৰ দুৱাৰ ভঙা, ভৰালৰ ধান খোৱা, বস্তিৰ শস্য খাই তহিলং কৰাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। এই বন্যহস্তীৰ উপদ্ৰৱৰ বাবে ৰাইজে প্ৰতিবাদ জনাই আহিছে যদিও সুফল পোৱা নাই। পলাশবাৰী, ৰাণী, চানডুবি আৰু লোহাৰঘাট অঞ্চলত ধাৰাবাহিক চলি অহা বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ সন্দৰ্ভত পলাশবাৰীৰ সম-জিলাৰ কাৰ্যালয়ত সোমবাৰে এখনি গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয়।

সম-জিলাৰ বিষয়া ৰশ্মিৰেখা গগৈৰ পৌৰোহিত্যত পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকৰী বিষয়া সুবোধ তালুকদাৰ, লোহাৰঘাটৰ বন বিষয়া নয়নজোতি দাস, ৰাণীৰ বন বিষয়া ৰোজী বৰ্মন, পলাশবাৰী বন বিভাগৰ দুজন বনকৰ্মী, বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ প্ৰতিনিধি, বাগান, ভাগৱতীপাৰা, বাটৰহাট ৰাইজৰ প্ৰতিনিধিৰ উপস্থিতিত আজিৰ এই সভাখনি অনুষ্ঠিত কৰা হয়। 

এই সভাত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে ঠায়ে ঠায়ে ছ’লাৰ ফেনচিং দিয়াৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ৰশ্মিৰেখা গগৈয়ে। লগতে ৰাইজৰ সহায়-সহযোগত আৰু কিবা সমস্যা হলে সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। 

উল্লেখ যে, পলাশবাৰী, ৰাণী, লোহাৰঘাট, চানডুবি, মিৰ্জা, বাটৰহাট, বৰিহাট, মাজকুছি, শৰণীয়া, ৰঙামাটি, পাৰাকুছি, কুমেৰীয়া, তিনিআলি, উৰপুত, কান্দুপুৰ, শিকাহাটী, নালাপাৰা, চল্লি, গাৰোপাৰা, জয়পুৰ, নিৰলপুৰ, বৰপ্ৰতিমা, ফুলগুৰি আদি বিভিন্ন অঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগ তথা আৰক্ষী প্ৰশাসনে কোনো গুৰুত্বপূৰ্ণ প্ৰদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। 

আজিৰ এই সভাৰ পাচত যে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ হ’ব, সেয়া সময়ত দেখা যাব। কিয়নো ইয়াৰ পূৰ্বেও কেইবাবাৰো বিধায়ক হেমাংগ ঠাকুৰীয়া, বনবিভাগ, আৰক্ষী প্ৰশাসন, প্ৰকৃতিপ্ৰেমী, পৰিৱেশ কৰ্মী, গাঁও প্ৰধান, ভিডিপি পাৰ্টি, ৰাইজ, দল-সংগঠনৰ লোক আদিয়ে সভা পাতি বিষয়টো সমাধান কৰাৰ আশা দিছিল যদিও কামত নাহিল।  পূৰ্বতকৈ বৰ্তমান এই অঞ্চলবোৰত বন্যহস্তী আৰু মানুহৰ সংঘাত বৃদ্ধিহে পাব ধৰিছে। 

পলাশবাৰী