/asomiyapratidin/media/media_files/2026/02/01/hatiiii-2026-02-01-19-23-26.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পশ্চিম আৰু পূৱ কামৰূপ বন সংমণ্ডলৰ অসম-মেঘালয় সীমান্তৰ ৰাণী,পলাশবাৰী আৰুকুলশী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নালাপাৰা,জয়পুৰ,গাৰোপাৰা, বেলৰগুৰি,পাতহালধীয়া,ৰাজাপাৰা,খপেগাও,চল্লী,প্ৰশ্ৰুখুৱা,সজ্জনপাৰা,গোসাইহাট,পীৰপাৰা,বটীয়াপাৰা,তিনিআলি,কান্দুপুৰ,পাৰাকুছি,ভাগৱতীপাৰা,ৰঙামাটি,ভূৰাপাৰা,ৰাজাপুখুৰী,পিতামাতা,সোণতলা,জালুকবাৰী,ঔগুৰি,ধাঙ্গাৰগাও,নিৰলপুৰ আদি জনবসতিপূৰ্ণ অঞ্চলত বন্যহস্তীয়ে কেইবাটাও ভাগত বিভক্ত হৈ খাদ্যৰ সন্ধানত সোমাই উপদ্ৰৱ সৃষ্টি কৰি আহিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/9b4f7a55-4b7e-42f1-8e44-26b49c5a44b0-2026-02-01-19-22-06.jpg)
শেহতীয়াভাৱে ধাননি পথাৰ খাই তহিলং কৰি ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত এইবাৰ এই অঞ্চলবোৰৰ ঠায়ে ঠায়ে গঞা ৰাইজৰ ঘৰ ভঙা,গছ-গছনি খাই অনিষ্টসাধন কৰাৰ খবৰ আহিছে। বন্যহস্তীয়েগধূলি হ’লেই কেতিয়া কোন ফালে বিচৰণ কৰে তাকলৈ ৰাইজে ভয়-শংকাত দিন কটাবলগীয়া হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/3e40c3b0-1787-4c10-bf4e-5db8b4101b83-2026-02-01-19-22-25.jpg)
খাদ্য সংকটত ভূগি এই বন্যহস্তীৰ জাকে পৃথকে পৃথকে বস্তি অঞ্চলত প্ৰৱেশ কৰি কৃষক তথা ৰাইজলৈ বিপদ কঢ়িয়াই আনিছে।বন্যহস্তীৰ জাকক খেদি পঠিয়াবলৈ গঞাই কেতিয়াবা জুই জ্বলাই,ফটকা ফুটাই,টিং বজাই,বাটুলিগুটি দলিয়াই আহিছে যদিও বিশেষ কামত অহা নাই। এক প্ৰকাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰি খাদ্যৰ সন্ধানত পথাৰে পথাৰে,বাটে-ঘাটে বিচৰণ কৰি আহিছে বন্যহস্তীৰ জাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/297585fd-6f09-4213-a49d-afe13b6cd96d-2026-02-01-19-22-42.jpg)
লগতে এই অঞ্চলটোৰ ঠায়ে ঠায়ে মানুহৰ বস্তিৰ বেৰ, ঘৰ ভঙাৰ উপৰি মানুহক আহতকৰাই নহয় ইতিমধ্যেই মৃত্যুকো আকোৱালি লৈছে স্থানীয় কেইজনমান লোকে। বন্যহস্তীৰ উপদ্ৰপৰ বাবে নিশাৰ ভাগত অহা যোৱা কৰা,কোম্পানীলৈ যোৱা লোকৰ লগতে আন আন কামলৈ যোৱা লোকসকলে যথেষ্ট শংকাত ভূগিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/01/a785c168-435c-4cb8-9ba7-e89db6920bca-2026-02-01-19-23-10.jpg)
আনকি অঞ্চলটোৰ ৰাইজৰ হোৱা এনে বিলাই বিপত্তিৰ পিচতো খবৰ নাই বনবিভাগ তথা মন্ত্ৰী-বিধায়কৰ। এইক্ষেত্ৰত বনবিভাগক ৰাইজে এই বন্যহস্তীৰ এই সিচৰতি হৈ পৰা জাকটোৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
বহু কৃষকে ইতিমধ্যেই খেতি-বাতিও বাদ দিবলগীয়া পৰিস্থিতি হৈছে। ইয়াৰ পিচতো কৃষকে কোনো ক্ষতিপূৰণ, নিৰাপত্তা পাবলৈ সক্ষম নহ’ল। উল্লেখ্য যে,পূৰ্বতে আমিনগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গঞাই বিভিন্ন অভিযোগ দি আহিছিল। এইবাৰ পলাশবাৰীত সমজিলাৰ কাৰ্যালয় হোৱাৰ পিচতো কৃষক তথা গঞাৰ এনে বিলাই-বিপত্তিৰ পিচতো খবৰ ল’বলৈ কাৰো আহৰি নথকাত ভুক্তভোগী ৰাইজ ক্ষুণ্ণ হৈ পৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us