/asomiyapratidin/media/media_files/2026/01/07/mhjtdfgsfsdfdf-2026-01-07-13-27-38.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পৰিৱেশ নিয়ন্ত্ৰণৰ এক প্ৰাণকেন্দ্ৰ হৈছে দৰাবিল। এই সেউজ দৰাবিললৈ অহা পৰিভ্ৰমী চৰাই, বিভিন্ন প্রজাতিৰ মাছ, উদ্ভিদ, কলহী নদীৰ শিহু আৰু সেউজ পৰিৱেশে অঞ্চলটোৰ পৰিৱেশ আৰু পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
বিশ্বৰ মানচিত্ৰত মানৱ সভ্যতাৰ ইতিহাসত নতুন যুগৰ বাট মোকলাবলৈ দৰাবিল-গো চৰণীয়া পথাৰ সংৰক্ষণ কৰি ৰখাৰ স্বাৰ্থত অহা ২৩ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে 'দৰাবিল মহোৎসৱ'ৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত ৰাইজৰ সহায়-সহযোগিতা তথা দিহা-পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। ইতিমধ্যেই বিপুল হাজৰিকাক সভাপতি, জয়ন্ত দাস, প্রতাপ হাজৰিকা থানেশ্বৰ মেধী, জয়ন্ত মহন্ত হৰ কুমাৰ দাস, বিদ্যুৎ কলিতাক উপ-সভাপতি ৰাজ কলিতা, জুবিন কলিতা, প্রবালজ্যোতি কলিতাক সহঃ সম্পাদক, ইৰণ কলিতা, ৰাহুল তালুকদাৰ, প্রাণজিৎ কলিতা, মহেন্দ্ৰ হাজৰিকাক সম্পাদক হিচাপে লৈ ৯ সংখ্যক বার্ষিক দৰাবিল মহোৎসৱ উদ্যাপন সমিতি গঠন কৰা হৈছে।
উল্লেখ্য যে, গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত সাতশ শতিকা পুৰণি ঐতিহাসিক দৰাবিল (বিলডৰা) জলাশয়। দবাবিলে ভূগোল আৰু বুৰঞ্জীৰ গৱেষণাৰ দৃষ্টিৰে প্ৰায় ৭০০ বছৰীয়া জন-জীৱনৰ প্ৰগতিত আদ্রভূমিৰ সভ্যতা-সংস্কৃতিৰ ঐতিহ্য বহন কৰি আহিছে। দৰাবিল আৰু কলহী নদীৰ সৈতে থকা সংযোগস্থলত বাসস্থান কৰা গংগীয় শিহু (GANGATIC DOLPHIN)ৰ বাবে পৃথিৱীৰ জৈৱ-বৈচিত্র্যৰ মানচিত্ৰত ই বিশেষভাবে পৰিচিত।
এই আপুৰুগীয়া জলজ স্তন্যপায়ী গংগীয় শিহুৰ প্ৰজাতি বিধ আন্তঃৰাষ্ট্ৰীয় প্রকৃতি সংৰক্ষণ সংস্থাই (IUCN) ১৯৯৩ ইং চনতে ENDANGERED (বিলুপ্ত প্রায়) প্রাণী বুলি ঘোষণা কৰাৰ উপৰিও অসম চৰকাৰে ২০০৮ ইং বৰ্ষত ইয়াক 'ৰাজ্যিক জলজ প্রাণী' (STATE AQUATIC ANIMAL) আৰু ২০০৯ ইং বৰ্ষত ভাৰত চৰকাৰে 'ৰাষ্ট্ৰীয় জলজ প্রাণী' (NATIONAL AQUATIC ANIMAL) মর্যাদা প্রদান কৰে।
অৱশ্যে ইয়াৰ মাজতে এই বিলখনি এটি দুষ্ট চক্ৰই বণিয়াক গতাব বিচৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে দল সংগঠন তথা ৰাইজে। এই দুষ্ট চক্ৰটোৰ কথা জানিও একাংশই নিৰাপদ দূৰত্বৰ পৰা এই কথাবোৰ লক্ষ্য কৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us