/asomiyapratidin/media/media_files/2026/01/31/31-2026-01-31-18-22-02.jpg)
ডিজিটেল সংবাদ, মিৰ্জা : কংগ্ৰেছ-বিজেপিৰ বাবে প্ৰাৰ্থিত্বকলৈ বৰ্তমান পলাশবাৰীত খোৱা কামোৰা চলিছে । এই দুয়োটা দলত মিলি কুৰিৰো অধিক লোকে টিকটক লৈ খোৱা কামোৰাত লিপ্ত হৈছে।
শেহতীয়াভাৱে পলাশবাৰীৰ লোহাৰঘাটৰ ৰাজপথত বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু বিজেপি নেতা হিমাংশু শেখৰ বৈশ্য বিজেপিৰ এই দুই ফৈদৰ মাজতে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলে। এই ঘটনাক লৈ দুই ফৈদৰ মাজত সোমাই বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি আৰু দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে এক প্ৰকাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
এই ঘটনাৰ পিচতে লাজে অপমানে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যৰ কাৰ্যত ক্ষুণ্ণ হৈ দুয়োজনকে নস্যাৎ কৰি তৃতীয় ব্যক্তিৰ সন্ধানত নামে। মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিচত অনুপ কুমাৰ মেধিৰ মুখলৈ হাঁহি আহে।
পলাশবাৰীত কোন কোন টিকটৰ দাবীদাৰ...
লগতে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিশিষ্ট ব্যৱসায়ী অনিল দাসেও অনুপ কুমাৰ মেধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা চৰ্চা চলে। কিন্তু পলাশবাৰী সমষ্টিৰ বিজেপিৰ টিকটক লৈ বৰ্তমানেও খোৱা-কামোৰা অব্যাহত আছে। কিয়নো পলাশবাৰী বিজেপিৰ বাবে পুনৰ নামি পৰিছে প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা, বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ কন্যা আয়ুষ্মিতা ডেকা, গুৱাহাটী লোকসভাৰ প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ কন্যা তথা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, উত্তৰ কামৰূপ বিজেপিৰ নেত্ৰী পাৰুলমণি দাস, ৰাজ্যিক বিজেপিৰ অবিচি মৰ্চাৰ বিষয়ববীয়া কুশলজ্যোতি মালাকৰ,ছয়গাঁৱৰ বিজেপি নেতা তথা উচ্চ শিক্ষিত ব্যক্তি হিতেশ কলিতা,দক্ষিণ কামৰূপ জিলা বিজেপিৰ প্ৰাক্তন কোষাধ্যক্ষ বিৰাজ কলিতা,ন-বিজেপি শৈলেন বৰাই। ইতিমধ্যেই এইসকল লোকে পলাশবাৰীৰ টিকটৰ বাবে উঠি পৰি লাগিছে।
ইতিমধ্যে হঠাৎ পেৰাছুটেৰে নামি আহি পলাশবাৰীৰ টিকটৰ বাবে তৎপৰতা কৰা আয়ুষ্মিতা ডেকা,সুমন হৰিপ্ৰিয়া,পাৰুলমণি দাসৰ প্ৰচাৰক লৈ চৰ্চা চলিছে। এই সকলো ক্ষেত্ৰত পলাশবাৰীৰ ৰাইজে স্থানীয় লোককহে অগ্ৰাধিকাৰ দিয়াৰ কথা কৈ আহিছে।যদি এই কথা ৰাজ্যিক বিজেপিৰ নেতৃত্বই মানি লয় তেতিয়াহলে বাহিৰৰ পৰা অহা লোকে পলাশবাৰীত টিকট নোপোৱাতো খাতাং বুলিব পাৰি।
আনহাতে পলাশবাৰী কংগ্ৰেছৰ বাবেও বিজেপিৰ দৰেই টিকটকলৈ খোৱা কামোৰা চলিছে। চলিত মাহতে গুৱাহাটীৰ ৰাজীৱ ভৱনত পলাশবাৰী কংগ্ৰেছৰ যুৱ নেতা বিপ্লৱ তালুকদাৰ,কিশোৰ দাস,প্ৰণৱ কলিতা,মুনমী দত্ত, ( প্ৰণৱ কলিতা যুৱক হয়,আৰু বিজেপিৰো আছে প্ৰাক্তন বিধায়ক প্ৰণৱ কলিতা) কে ধৰি কেইবাজনো কংগ্ৰেছ নেতা কৰ্মীয়ে পলাশবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰে।
কংগ্ৰেছৰ একাংশ নেতা কৰ্মীয়ে জানিবলৈ দিয়া মতে বৰ্তমান কংগ্ৰেছে যুৱ প্ৰাৰ্থীক প্ৰাধান্য দিয়া কথা উল্লেখ কৰে। এইক্ষেত্ৰত প্ৰায় ১২ বছৰ ধৰি কংগ্ৰেছ দলত কাম কৰি অহাই নহয়, বিভিন্ন সময়ত দামবৃদ্ধি আৰু বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা,কা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি জেললৈ যাব লগা হৈছে বিপ্লৱ তালুকদাৰ। কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি তেওঁ অধিক আশাবাদী হৈ আছে।
আগৰ পলাশবাৰী কংগ্ৰেছ আৰু আজিৰ পলাশবাৰী কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে বুলিও তেওঁ মত দোহাৰে। আনহাতে কংগ্ৰেছৰ টিকটৰ বাবে দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ কাম কাজ কৰি অহা তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য কিশোৰ দাস, যুৱ নেতা প্ৰণৱ কলিতাইও জোৰদাৰ প্ৰচেষ্টা হাতত লৈ দলীয় সভা সমিতি অনুষ্ঠিত কৰি আহিছে। আন এক সূত্ৰে,আগত বিধানসভা নিৰ্বাচনত পলাশবাৰীৰ বাবে বিৰোধী ঐক্য অৰ্থাৎ কংগ্ৰেছ আৰু অজাপ আদি দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে অজাপৰ পংকজলোচন গোস্বামীৰ নাম চচ্চা হৈছে।
যদি বিৰোধী ঐক্যৰ প্ৰাৰ্থী পংকজলোচন গোস্বামী হয়, তেতিয়াহ'লে কংগ্ৰেছৰ যুৱ নেতা বিপ্লৱ কুমাৰ তালুকদাৰ,কিশোৰ দাস, প্ৰণৱ কলিতাই কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ'ব। মুঠতে কংগ্ৰেছ বিজেপিৰ এই যুঁজত স্থানীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰৰ বিষয়টো সদায়েই আগত বুলিও কয় ৰাইজে। আনকি পেৰাছুটেৰে নামি অহা প্ৰাৰ্থীক কোনো কাৰণতেই ৰাইজে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে। ইপিনে অসমৰ প্ৰাক্তন মন্ত্ৰী যতীন মালীয়ে নিৰ্দলীয়ভাৱে নতুন ঐক্যমঞ্চ পলাশবাৰীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে সভা সমিতি অনুষ্ঠিত কৰি আহিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us