আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশাল ৰাজহুৱা সভা অনুষ্ঠিত

ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী পালন কৰাৰ সন্দৰ্ভত আহ্বায়কমণ্ডলীৰ উদ্যোগত ত্ৰিধাৰা আঞ্চলিক কলা সংঘ প্ৰাংগণত ৰাজহুৱা সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
4

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তথা ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী। এই বিদ্যালয়খনৰ মহাৰজত জয়ন্তী পালন কৰাৰ সন্দৰ্ভত আজি আহ্বায়কমণ্ডলীৰ উদ্যোগত ত্ৰিধাৰা আঞ্চলিক কলা সংঘ প্ৰাংগণত ড° গজেন্দ্ৰ অধিকাৰীৰ সভাপতিত্বত এখনি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। 

WhatsApp Image 2026-02-22 at 7.06.41 PM

মুখ্য আহ্বায়ক হিচাপে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্তসহ শিক্ষক যোগেন মহন্তই এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। এই সভাত বিদ্যালয়খনৰ ন-পুৰণি ছাত্ৰ ছাত্ৰী,শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী,সমাজহিতৈষী ব্যক্তি, অভিভাৱকৰ লগতে ৰাইজ উপস্থিত থাকি বিভিন্ন দিশত ভাষণ প্ৰদান কৰে। লগতে আহ্বায়কমণ্ডলীৰ উপৰি বিদ্যালয়খনৰ পৰিচালনা আৰু উন্নয়ন সমিতি, বিদ্যালয়খনৰ শিক্ষকগোটৰ সদস্যই,বিৰানব্বৈখন গাঁৱৰ পৰা অহা একাংশ সদস্যই ভাষণ দি শিক্ষানুষ্ঠানখনৰ পালন কৰিবলগীয়া এই মহাৰজত জয়ন্তীৰ সফল ৰূপায়ণ হোৱাৰ আশা প্ৰকাশ কৰে।

এই সভাৰ শেষত শিক্ষানুষ্ঠানখনৰ অহা ২০২৭ বৰ্ষৰ ১৯ মাৰ্চৰ পৰা বছৰযোৰাকৈ মহাৰজত জয়ন্তী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।এসময়ৰ স্থানপ্ৰাপ্ত ছাত্ৰ অজন্ত কুমাৰ গোস্বামীক সভাপতি,কাৰ্যকৰী সভাপতি ভদ্ৰেশ্বৰ দাস,উপ সভাপতি ডাঃ কনক তালুকদাৰ,যোগেন মহন্ত,হেমন্ত দাস, দিপাঞ্জলী গোস্বামী,সাধাৰণ সম্পাদক গগন কলিতা,সহ সাধাৰণ সম্পাদক হিচাপে ৰূপম দলৈ,বিপুল মহন্ত,যতীন্দ্ৰ মোহন কলিতা,জ্যোতিপ্ৰসাদ দাস,মণ্টু ৰাম দাস,বিশ গৰাকী কাৰ্যকৰী সদস্য,বিত্ত বিভাগৰ সভাপতি ভোগেশ্বৰ দাস,সম্পাদক গগন কলিতা,স্মৃতিগ্ৰন্থৰ সম্পাদক হিচাপে ড° গজেন্দ্ৰ অধিকাৰীক লৈ সম্পাদনা সমিতিখনি গঠন কৰা হয়। এই সকলো কাৰ্যসূচী চলাই নিবলৈ আন কেইবাখনো উপ সমিতি গঠন কৰা হয়।

WhatsApp Image 2026-02-22 at 7.06.40 PM

পলাশবাৰী