পলাশবাৰীৰ দৎকুছি-মেধিপাৰা সংযোগী পথ পকীকৰণ আৰু দলং নিৰ্মাণৰ দাবী ৰাইজৰ

পথছোৱাৰ পকীকৰণৰ উপৰি বৈজানা নদীৰ ওপৰত এখন কংক্রীটৰ দলং নিৰ্মাণৰ দাবী উত্থাপন কৰে। এইক্ষেত্ৰত বিধায়ক হেমাংগ ঠাকুৰীয়াক এই শোচনীয় পথছোৱাৰ প্ৰত্যক্ষ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, মিৰ্জাঃ  চৰকাৰে বিভিন্ন সময়ত বিকাশ আৰু পৰিৱৰ্তনৰ ঘোষণা আওৰাই আহিছে যদিও এই কথাবোৰ আচলতে আজিও বাস্তৱত হৈ উঠা নাই। বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজে ৰাস্তা-ঘাট, দলং আদিৰ বাবে ৰাইজে যমৰ যাতনা কাঢ়িবলগীয়া হৈছে। 

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ আমৰাঙ্গা গাওঁ পঞ্চায়তৰ অন্তৰ্গত দৎকুছি-মেধিপাৰা সংযোগী এই পুৰণি পথছোৱা বছৰ বছৰ ধৰি অৱহেলিত হৈ থাকিল। আনকি এই পথছোৱাত খৰাপাৰা,দুভিপাৰা,দৎকুছি আৰু মেধিপাৰা সংযোগী বৈ জানা নদীৰ ওপৰত থকা কাঠৰ দলংখনো হৈ নুঠিল। প্ৰায় এক কিলমিটাৰ যোৰা এই পথছোৱা আমৰাঙ্গা গাঁও পঞ্চায়তৰ অধীনত কিছু শিল মাটি আদিৰে মেৰামতি কৰা হৈছিল। এই পথৰ কিছু দায়িত্বত থাকি বিপুল কুমাৰ দাসে নিজৰ গাঁঠিৰ ধন খৰচ কৰে যদিও সেই ধনৰ বহুখিনি বিভাগীয় কৰ্তৃপক্ষৰ পৰা পাবলৈ সক্ষম নহ'ল। 

WhatsApp Image 2026-01-07 at 11.04.40 AM

উল্লেখ্য যে, এই পথছোৱাৰে তাহানীৰ পৰাই দৎকুছি সত্ৰবাসী ৰাইজে জগলীয়ালৈ সুৱেৰী উৎসৱত গোসাই লৈ যোৱা অঞ্চলটোৰ লোকে খেতি পথাৰলৈ যাতায়াত,পোহনীয়া জীৱ জন্তুৰ বিচৰণ,বৈ জানা নদীত মাছ মৰা আদি কাৰ্য সমাপন কৰি আহিছে। তেনেক্ষেত্ৰতো আজিলৈ এই পথছোৱাৰ উন্নতিসাধন কৰাৰ লগতে মেধিপাৰা-দৎকুছি সংযোগী নদীৰ ওপৰত যাতায়াতৰ সুচল হোৱাকৈ দলং নিৰ্মাণ কৰিবলৈ পঞ্চায়ত কিম্বা লোক বিভাগে আজিলৈ সক্ষম নহ'ল। 

ইপিনে এই পথছোৱাৰ আশে পাশে একাংশ লোকে ঘৰ বাৰী আদি নিৰ্মাণ কৰাই নহয়,ভূমি ক্ৰয় কৰি ভৱিষ্যত বংশৰ বাবে ৰাখি থৈছে যদিও পথছোৱাৰ দুৰৱস্থাৰ বাবে মানুহে ভালকৈ ঘৰ বাৰী আদি নিৰ্মাণ কৰিব পৰা নাই। তদুপৰি এই পথত বিদ্যুত সংযোগ দিয়াৰ উদ্দেশ্যি ৰাজ্যৰ বিদ্যুত বিভাগে কিছু বছৰ পূৰ্বে বিদ্যুতৰ খুটা আদি পেলাই থয় যদিও অঞ্চলটোত ভালকৈ বিদ্যুত সংযোগ নিদিলে। ফলত গৃহস্থই বহু দূৰৰ পৰাই বিপদজনকভাৱে বিদ্যুতৰ তাৰ টানিব লগা হয়। ৰাইজে সেয়ে এই পথছোৱাৰ পকীকৰণৰ উপৰি বৈজানা নদীৰ ওপৰত এখন কংক্রীটৰ দলং নিৰ্মাণৰ দাবী উত্থাপন কৰে। এইক্ষেত্ৰত বিধায়ক হেমাংগ ঠাকুৰীয়াক এই শোচনীয় পথছোৱাৰ প্ৰত্যক্ষ কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰে।

WhatsApp Image 2026-01-07 at 11.04.40 AM (1)

পলাশবাৰী