পলাশবাৰীত বন্যহস্তীৰ উপদ্ৰপঃ ভাঙিলে কেইবাটাও বাসগৃহ

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰপ ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-14 at 9.45.21 PM

ডিজিটেল সংবাদ,মিৰ্জাঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰপ। পলাশবাৰী আৰক্ষী থানা তথা লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চানডুবিৰ সমীপৰ দুই নম্বৰ জুপাংবাৰীত যোৱা  ৯ ফেব্ৰুৱাৰীৰ বিয়লি বন্যহস্তীৰ আক্ৰমণত গধূলু বড়ো নিহত হোৱাৰ ঘটনা মাৰ নৌযাওতেই পুনৰ বন্যহস্তীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে বিজয়নগৰ নিৰীক্ষণ চকীৰ সমীপৰ ঝাৰোবড়ীৰ বাকাৰাপাৰাৰ কেইবাটাও পৰিয়ালৰ লোক।

WhatsApp Image 2026-02-14 at 9.42.57 PM

যোৱা নিশা এই অঞ্চলটোৰ নৰেন দাসৰ বাসগৃহত বন্যহস্তী সোমাই ঘৰ বাৰী লণ্ড-ভণ্ড কৰে। লগতে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বস্তিত বন্যহস্তীয়ে উপদ্ৰব চলায়। ইপিনে ঘটনাস্থলীত লোহাৰঘাটৰ বনকৰ্মীৰ এটি দল উপস্থিত হৈ এই ঘটনাৰ বুজ লয়। লগতে আৰক্ষী প্ৰশাসন তথা বনবিভাগক ভুক্তভোগী পৰিয়ালবৰ্গক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰে।

উল্লেখ্য যে, আজি দুপৰীয়াৰ ভাগতো এই ঝাৰোবড়ীৰ সমীপৰ পাৰাকুছি অঞ্চলটোত এজাক বন্যহস্তীয়ে বিচৰণ কৰাত ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

পলাশবাৰী সমষ্টিৰ অন্তৰ্গত পাৰাকুছি, তিনিআলি, বৰিহাট, বৰপতিমা, শিকাৰহাটী, উৰপুত, কুমেৰীয়া, চানডুবি, মিৰ্জা, সোণতলা, ৰাণী, গোসাইহাট, মেনাপাৰা, দৎকুছি, মাজকুছি, হেৰামদো, ভাল্লা, ফুলগুৰি আদি বিভিন্ন ঠাইত বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে যদিও বনবিভাগে কোনো ব্যবস্থাগ্রহণ কৰিব পৰা নাই।

পলাশবাৰী