পলাশবাৰীত বন্যহস্তীৰ উপদ্ৰৱ

অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। পলাশবাৰীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে গাঁৱৰ ৰাইজৰ।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-03 at 7.49.41 PM

ডিজিটেল সংবাদ,মিৰ্জাঃঅব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। পলাশবাৰীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে গাঁৱৰ ৰাইজৰ। খাদ্যৰ সন্ধানত মেঘালয় জংঘলৰ পৰা আহি পলাশবাৰীৰ বিভিন্ন ঠাইত আৱদ্ধ হৈ পৰা বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰাহৰণ হোৱাই নহয়,জীৱনৰ প্ৰতি অহা ভাবুকিত শংকিত হৈ পৰাৰ সময়তে যোৱা নিশা পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাটৰ অধীনৰ বাটৰহাট অঞ্চলৰ দিলীপ কুমাৰ নাথ,অনন্ত ৰাম নাথ,মণ্টু কুমাৰ নাথ,মাখন দাস,প্ৰহ্লাদ নাথ,মুনীন্দ্ৰ বড়ো আদি লোকৰ ঘৰ বাৰীত বন্যহস্তীয়ে উপদ্ৰৱ চলায়। 

WhatsApp Image 2026-02-03 at 7.48.01 PM (1)

ইপিনে কেইবাগৰাকী লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। এনে ঘটনাত অঞ্চলটোৰ ৰাইজ বিপাঙত পৰিছে। উল্লেখ্য যে,পলাশবাৰী সমষ্টিৰ ৰঙামাটি,মালিয়াটা,ভূৰাপাৰা,ভাগৱতীপাৰা,পাৰাকুছি,উৰপুত,বৰপ্ৰতিমা,মিৰ্জা আদি বিভিন্ন প্ৰান্তত পৃথকে পৃথকে আৱদ্ধ হৈ পৰি উপদ্ৰৱ চলাই আহিছে। এই উপদ্ৰৱৰ ফলত গঞাই মৃত্যুক আকোৱালি লোৱাৰ উপৰি আহত হৈ চিকিৎসাধীন হবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। স্থানীয় ৰাইজৰ মাজত চলোৱা উপদ্ৰৱৰ পাছতো ভুক্তভোগী লোকে কোনো ক্ষতিপূৰণ পাবলৈও সক্ষম নহ'ল। 

WhatsApp Image 2026-02-03 at 7.48.00 PM

ইতিমধ্যেই বন্যহস্তীৰ জাকটোৱে ফুট গধূলিৰ পৰা ভাগে ভাগে বাটে পথে,বস্তিত সোমাই সা-সম্পত্তিৰ অনিষ্টসাধন কৰি যোৱা ঘটনাত ৰাইজ বিপাঙত পৰি পলাশবাৰী ৰাজহ চক্ৰৰ বিষয়া,সম জিলাৰ বিষয়া,বনবিভাগ,বিধায়ক হেমাংগ ঠাকুৰীয়া আদি জনাই আহিছে যদিও কামত অহা নাই। কেৱল নিশালৈ পলাশবাৰী ৰাজহ চক্ৰত মাটিৰ দালালৰ কাম কৰিয়েই এইসকল বিষয়া কৰ্মচাৰীয়ে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে।

পলাশবাৰী