পলাশবাৰীৰ ব্যৱসায়ী ভূষণ চৌধুৰী আৰু নাই...

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কান্দুপুৰ নোৱাপাৰা নিৱাসী ব্যৱসায়ী, সমাজকৰ্মী ভূষণ চৌধুৰীৰ আজি দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি অৱশেষত মৃত্যুক আকোৱালি লয়।

author-image
Asomiya Pratidin
New Update
dnt delete copy

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কান্দুপুৰ নোৱাপাৰা নিৱাসী ব্যৱসায়ী, সমাজকৰ্মী ভূষণ চৌধুৰীৰ আজি দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি অৱশেষত মৃত্যুক আকোৱালি লয়।

WhatsApp Image 2026-01-30 at 6.54.22 PM

তেওঁ একেধাৰে তিনিআলি আঞ্চলিক দুর্গা পূজা সমিতিৰ প্ৰাক্তন সভাপতি,আঞ্চলিক ৰঙালী বিহু সমিতিৰ প্ৰাক্তন সভাপতি, তিনিআলি ব্যৱসায়ী সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি,সন্মিলিত তিনিআলি আঞ্চলিক সংঘৰ সদস্য হোৱাৰ উপৰি অঞ্চলটোৰ কেইবাটাও অনুস্থান প্রতিস্থানৰ সৈতে জড়িত আছিল। তেখেতৰ মৃত্যুত অঞ্চলটোৰ বিশিষ্ট লোক,ব্যৱসায়ীৰ লগতে স্থানীয় ৰাইজ সমবেত হৈ তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইপিনে তেখেতৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়। 

পলাশবাৰী