আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী

অহা ২২ ফেব্ৰুৱাৰীত শিক্ষানুষ্ঠানখনত এক ৰাজহুৱা সভাৰ আয়োজন কৰিছে আহ্বায়কমণ্ডলীয়ে। এই আয়োজনৰ মাজতে শিক্ষানুষ্ঠানখনৰ ১৯৯৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানখনত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত তথা ঐতিহ্যমণ্ডিত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী। এই শিক্ষানুষ্ঠানখনৰ অহা ২০২৭ বৰ্ষত মহাৰজত জয়ন্তী। এই মহাৰজত জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যেই অঞ্চলটোৰ ৰাইজ,শুভাকাংক্ষী,ন-পুৰণি ছাত্ৰ- ছাত্ৰী,শিক্ষকগোট,প্ৰতিষ্ঠাপক বিশিষ্ট ব্যক্তিসকল সভা সমিতি অনুষ্ঠিত কৰিছে।

WhatsApp Image 2026-01-26 at 3.02.50 PM

এই উপলক্ষে অহা ২২ ফেব্ৰুৱাৰীত শিক্ষানুষ্ঠানখনত এক ৰাজহুৱা সভাৰ আয়োজন কৰিছে আহ্বায়কমণ্ডলীয়ে। এই আয়োজনৰ মাজতে শিক্ষানুষ্ঠানখনৰ ১৯৯৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে শিক্ষানুষ্ঠানখনত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে। এই মত বিনিময় অনুষ্ঠানত শ্ৰদ্ধাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু তথা কৃতী শিক্ষক ৰজনী কলিতা,প্ৰাক্তন শিক্ষাগুৰু তথা এই বিদ্যালয়খনৰ এসময়ৰ ইংৰাজী বিষয়ৰ দক্ষ শিক্ষক সুদাম দাস,অৱসৰপ্ৰাপ্ত শিক্ষক যোগেন মহন্ত,দীপাঞ্জলী গোস্বামী বাইদেউক গ্ৰন্থ,গামোচা আদিৰে সম্বৰ্ধনা জনায়। 

WhatsApp Image 2026-01-26 at 3.02.49 PM

এই সম্বৰ্ধনা গ্ৰহণ কৰি আবেগিক হৈ পৰে প্ৰাক্তন শিক্ষাৰ্থীসকলে। লগতে অৱসৰপ্ৰাপ্ত শিক্ষক ৰজনী কলিতা,সুদাম দাসক মিলন মহন্তই তেওঁৰ কাব্য গ্ৰন্থ পৃথিৱীৰ দুখত দুখী মানুহ আমি,আমি দুখত নাই,হাত মেলি নামি আহা সূৰ্য,সন্ধান আলোচনীৰে সম্বৰ্ধনা জনায়। ৩২ বছৰ পিচত এই শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন শিক্ষাৰ্থী প্ৰায় ৬০ গৰাকীয়ে এইদৰে মিলিত হৈ আৱেগ বিহ্বল হয়। তেওঁলোকে বিভিন্ন দিশত এক মত বিনিময় কৰাৰ লগতে আগত মহাৰজত জয়ন্তী, তেওঁলোকৰ পৰিয়াল,শিক্ষানুষ্ঠানখনৰ শৈক্ষিক দিশ আদি বিভিন্ন বিষয়ত আলোচনা কৰে।

পলাশবাৰী