/asomiyapratidin/media/media_files/2026/01/25/1-2026-01-25-21-36-20.jpg)
ডিজিটেল ডেস্কঃ অসমীয়া জাতিৰ গৌৰৱময় কৃষ্টি-সংস্কৃতি, আধ্যাত্মিক চেতনা আৰু সনাতনী পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে পলাশবাৰী সমষ্টিৰ ৰামপুৰ হাইস্কুল খেলপথাৰৰ প্ৰাংগনত বৃহস্পতিবাৰে এক ঐতিহাসিক অনুষ্ঠান অনুষ্ঠিত হয়। সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত আৰু সমগ্ৰ পলাশবাৰী ৰাইজৰ সহযোগত অনুষ্ঠিত নাম সমাৰোহত একেলগে ১০,০০১ গৰাকী আই মাতৃয়ে অংশগ্ৰহণ কৰি নাম-কীৰ্তন পৰিৱেশন কৰে।
/asomiyapratidin/media/post_attachments/96169c6f-0e1.png)
এই আধ্যাত্মিক অনুষ্ঠানত অসমীয়া লোক-সংস্কৃতি আৰু বৈষ্ণৱ পৰম্পৰাৰ অপূৰ্ব প্ৰতিফলন দেখা যায়। শংকৰদেৱ-মাধৱদেৱে দেখুওৱা ভক্তি, শান্তি আৰু মানৱতাৰ পথক পুনৰ স্মৰণ কৰি উঠি অহা প্ৰজন্মক সংস্কৃতিৰ সৈতে সংপৃক্ত কৰাৰ লক্ষ্যৰে এই মহৎ কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমা অধিকাৰী বন্তি প্ৰজ্বলনৰ জৰিয়তে। তেখেতে আধ্যাত্মিক ভাষণত বৈষ্ণৱ ধৰ্মৰ মূল আদৰ্শ, সমাজ গঠনত নাম-কীৰ্তনৰ গুৰুত্ব আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ বৈদেশিক আৰু পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা।
তেখেতে ভাষণত আই মাতৃসকলৰ ভূমিকা অসমৰ সমাজ-সংস্কৃতি সংৰক্ষণত অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে। এই নাম সমাৰোহক এক ঐতিহাসিক আৰু অনুকৰণীয় পদক্ষেপ বুলিও অভিহিত কৰে। লক্ষীমপুৰৰ নাৰায়ণপুৰ ধলপুৰ আঠাবাৰী শ্ৰীশ্ৰী গোপাল মহাপ্ৰভু থানৰ সত্ৰাধিকাৰ গোপাল প্ৰভুৱে নিজৰ বক্তব্যত অসমীয়া জাতিৰ ঐক্য, সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ বাবে সমন্বয় আৰু সচেতনতাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। উঠি অহা প্ৰজন্মই যাতে নামঘৰ, সত্ৰ, বৰগীত, কীৰ্তন আৰু ভাগৱতৰ তাৎপৰ্য বুজি পায় তাৰ বাবে এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠান অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/596e5e50-d42.png)
এই নাম সমাৰোহত কামৰূপ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জনকল্যাণ মঞ্চ পলাশবাৰীৰ মুখ্য উপদেষ্টা হিমাংশু শেখৰ বৈশ্য, বিশিষ্ট ব্যৱসায়ী অনিল দাস, ইতিহাসবিদ ড° গজেন্দ্ৰ অধিকাৰী, বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ মন্ত্ৰী কুমুদ বৰঠাকুৰ, মৃত্যুঞ্জয় সংঘ ৰামপুৰৰ সভাপতি পৰেশ কলিতা, জনকল্যাণ মঞ্চ পলাশবাৰীৰ সভাপতি মণিময় কৰ, সাধাৰণ সম্পাদক ড° চিন্ময় কলিতাসহ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পলাশবাৰীৰ ৰামপুৰ খেলপথাৰত পোন প্ৰথমবাৰৰ বাবে ইমান বৃহৎ সংখ্যক মহিলাৰ সমবেত নাম পৰিবেশন এক নতুন দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। আয়োজকসকলে বিশ্বাস প্ৰকাশ কৰে যে আই মাতৃসকলৰ এই নাম-কীৰ্তনৰ জৰিয়তে অসমীয়া জাতিৰ ধৰ্ম, সংস্কৃতি আৰু আধ্যাত্মিক চেতনাক অধিক শক্তিশালী কৰি উঠি অহা প্ৰজন্মক সঠিক পথ প্ৰদৰ্শন কৰা সম্ভৱ হ’ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us