/asomiyapratidin/media/media_files/2026/01/19/1-2026-01-19-13-47-21.jpg)
ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীৰ বেঙেনাবাৰীস্থিত ঐতিহাসিক পাগালা শিৱ মন্দিৰ প্ৰাংগণত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। মন্দিৰটোৰ প্ৰৱেশপথত নৱনিৰ্মিত দুটাকৈ সুউচ্চ নন্দী আৰু ভৃংগীৰ মূৰ্তি আনুষ্ঠানিকভাৱে স্থাপন আৰু উন্মোচন কৰাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।
/asomiyapratidin/media/post_attachments/45a31520-a50.png)
অঞ্চলটোৰ সকলোৰে প্ৰিয় যুৱক প্ৰয়াত সঞ্জয় সিং কাঠাৰৰ স্মৃতিত তেওঁৰ মাতৃ কদমী কাঠাৰে এই সুন্দৰ মূৰ্তি দুটা মন্দিৰ কৰ্তৃপক্ষলৈ উচৰ্গা কৰে। ভক্তি আৰু শ্ৰদ্ধাৰ এক অনন্য নিদৰ্শন দাঙি ধৰি কাঠাৰ পৰিয়ালে আগবঢ়োৱা এই দানক মন্দিৰ পৰিচালনা সমিতি আৰু স্থানীয় ভক্তপ্ৰাণ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। ইপিনে এই সুউচ্চ মূৰ্তি দুটাই মন্দিৰটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে ধৰ্মীয় পৰিৱেশটো অধিক আধ্যাত্মিক কৰি তুলিছে। এই পবিত্ৰ অনুষ্ঠানত অঞ্চলটোৰ অলেখ ভক্তই অংশগ্ৰহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/8513162b-9df.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us