জলসিঞ্চন আঁচনিৰ শোচনীয় অৱস্থাঃ কৃষকৰ মাজত হাহাকাৰ

কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ-ভোলাগাঁও বৃহত্তৰ অঞ্চলৰ কৃষক তথা ৰাইজৰ কাৰণে লোহাৰঘাটত নিৰ্মাণ কৰা কৰিছিল কেইবা কোটি টকীয়া উভতি জলসিঞ্চন প্ৰকল্প।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মিৰ্জাঃ চৰকাৰে কোটি কোটি টকা ব্যয় কৰি স্থাপন কৰা 'উভতি জলসিঞ্চন আঁচনিৰ' জৰিয়তে শ শ বিঘা কৃষিভূমিত পানী যোগান ধৰাৰ লক্ষ্য আছিল। কিন্তু দুৰ্ভাগ্যৱশত এই আঁচনিখনৰ মেৰামতি আৰু বিভাগীয় অৱহেলাৰ বাবে এতিয়া কৃষকৰ বাবে অতি শোচনীয় হৈ পৰিছে পৰিস্থিতি। কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ-ভোলাগাঁও বৃহত্তৰ অঞ্চলৰ কৃষক তথা ৰাইজৰ কাৰণে লোহাৰঘাটত নিৰ্মাণ কৰা কৰিছিল কেইবা কোটি টকীয়া উভতি জলসিঞ্চন প্ৰকল্প। এই বিয়াগোম জলসিঞ্চন প্ৰকল্পটি বৰ্তমান এক প্ৰহসনত পৰিণত হৈছে। সঠিক পৰিচালনাৰ অভাৱত ঠায়ে ঠায়ে এই প্ৰকল্পৰ কেনেলসমূহ ভাঙি চিঙি যাবলৈ ধৰিছে। আনকি কেনেল আছে,পথাৰ আছে কেনেলৰ পৰা পানী পোৱা নাই ৰাইজে। যাৰ বাবে অঞ্চলটোৰ কৃষসকল বৰো খেতি কৰাৰ পৰা বঞ্চিত থাকিবলগীয়া হৈছে। 

অঞ্চলটোৰ একাংশ নেতাই উল্লেখ কৰিছিল যে- আমাৰ মাটিবোৰ এনেয়ে পেলাই থব নালাগে। আদানী, আম্বানীহঁতে ভৱিষ্যত দখল কৰিব। কিন্তু কোৱা কথাৰ যেন সকলো বিপৰীত। এই কোটি টকীয়া কেনেলৰ পৰা যে ৰাইজে পানী পোৱা নাই এই কথাবোৰৰ প্ৰতি তেওঁলোকৰ কাণসাৰ নাই। বিভিন্ন সময়ত ভূমি পট্টাহীন বৰদুৱাৰ ভোলাগাঁও অঞ্চলটোৰ ৰাইজে ভূমিৰ সমস্যাৰ বাবে জিলা আয়ুক্ত,ৰাজহ চক্ৰ বিষয়া,বিধায়ক,নেতা পালিনেতাৰ কাষ চাপিবলগীয়া হৈ অহাৰ পাছতো এই ভূমিৰ সমস্যাৰ সমাধান নোহোৱাত বিপাঙত পৰিছে এতিয়া কৃষসকল। এই উভতি জলসিঞ্চন প্রকল্পৰ পৰা পানী নোপোৱাত কৃষক সকলে পুনৰ সমস্যাত পৰিছে। যাৰ বাবে কৃষকসকলে ক্ষোভ প্ৰকাশ কৰিছে। 

WhatsApp Image 2026-01-19 at 12.20.03 PM

উল্লেখ যে, এই উভতি জলসিঞ্চন প্ৰকল্পটি এই অঞ্চলটোত স্থাপনৰ সময়ৰ পৰাই এক বিতৰ্কৰ মাজত সোমাই পৰাৰ লগতে অতি নিম্ন মানৰ কাম হোৱাৰ অভিযোগ উত্থাপন হৈছিল। কিয়নো এই জলসিঞ্চন প্ৰকল্পটি একাংশ ঠিকাদাৰ,অভিযন্তা,মন্ত্ৰী বিধায়ক,একাংশ নেতা পালিনেতাৰ কমিচনৰ বাবে যথা সময়ত এই আঁচনিখন ধনসিঞ্চনতহে পৰিণত হয়।কৃষক তথা একাংশ লোকৰ মতে,১৯৬৬-৬৭ বর্ষত নির্মাণ কৰা বৰদুৱাৰ- বাগানৰ উভতি জলসিঞ্চন প্রকল্পটি ২০১১ পুনৰ  উন্নতিসাধনৰ বাবে এক পদক্ষেপ হাতত লোৱা হৈছিল। সেয়ে ঠায়ে ঠায়ে অতি নিম্নমানৰ চিমেন্ট বালিৰে এই কামৰ মেৰামতি কৰা হৈছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষ, জনপ্ৰতিনিধি,প্ৰশাসনৰ সৈতে মিতিৰালি কৰি একাংশ ঠিকাদাৰ-বৰমূৰীয়াই এই প্রকল্পটিৰ নতুন আঁচনি ৰূপায়ণৰ কাম চালে বেৰে কৰি শেষ কৰিছিল। আনহাতে এই নিম্নমানৰ কামৰ বাবে সাধাৰণ বাঢ়নী পানীতে তিনি চাৰি বছৰপূৰ্বে সতপুৰ-ভোলাগাঁও-জ'জি সংযোগী কেনেলটিৰ প্রায় ৬ টা অংশত ভাগি-চিগি গৈছিল। লগতে বেৰিগাঁও-সতপুৰ পথৰ কেনেলো চিগি গৈছিল। ইপিনে বিভাগীয় কৰ্তৃপক্ষই এই আঁচনিৰ মেৰামতিৰ নামতো ধন সৰকাই নিছিল।

ইফালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই অঞ্চলটোৰ ভোলাগাঁও,বালাহপুৰ আদি ঠাইৰ নদ নদীত সৰু সৰু বান্ধ,প্ৰকল্প আদি ৰূপায়ণ কৰিছিল যদিও সেইবোৰ তেওঁৰ মদদপুষ্ট ঠিকাদাৰে ধন ঘটাক বাদে আন একো নহল বুলি কৃষকে মত প্ৰকাশ কৰে। আনকি এই বান্ধবোৰো ভাঙি চাঙি যাব ধৰিছে। ইপিনে পৰৱৰ্তীকালত এই বৰদুৱাৰ ভোলাগাঁও উভতি জলসিঞ্চন প্ৰকল্পত গ্ৰহণ কৰা নতুন নতুন আঁচনিৰ জৰিয়তে পুনৰ উক্ত অঞ্চলটোৰ কৃষকৰ উপকৃত হোৱাৰ বাবেই বাগান,নাৰায়ণ পুৰ,লোহাৰঘাট,মদনপুৰ, সতপুৰ,ভোলাগাঁও,জ'জি, গণকপাৰা,গোৱালহাটী, নকথা,নলগাঁও,বালাহপুৰ, কুমাৰবড়ী,বেৰিগাঁও আদি বিভিন্ন ঠাইৰ কৃষিভূমিক সামৰি প্রায় ৩ হেজাৰ কৃষকৰ বাবে বৰো আৰু শালি খেতিত পানী যোগান দিবৰ বাবে প্রায় ৬ কি.মিটাৰ কেনেলৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল। তদুপৰি এই প্ৰকল্পটোৰ সা সৰঞ্জাম ক্ৰয়,মেৰামতি,কাৰ্যালয় গৃহ আদিৰ নামতো চৰকাৰী ধনৰ অপচয় হৈ আহিছে।আনকি খেতিয়কৰ বাবে  চৰকাৰে ঘোষণা কৰা বিভিন্ন খেতিৰ সঁজুলি,বীজ আদি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে। 

WhatsApp Image 2026-01-19 at 12.20.03 PM (2)

খেতিয়কসকলে বিভিন্ন শ্লোগানেৰে চৰকাৰৰ প্রতি বিষোদগাৰ প্রকাশ কৰিছে। কৃষকৰ লাভৰ বাবে চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰাও এই অঞ্চলটোৰ পথাৰত জৰীপ চলাই কৃষকৰ বাবে আঁচনি আদিৰ ঘোষণা কৰা হৈছিল যদিও কামত নাহিল। যাৰ বাবে এই কৃষকৰ উন্নয়নৰ সকলো কথা ফলকতে আৱদ্ধ থাকে। পলাশবাৰীত কৃষক জনতাৰ হৈ মাত মাতি সমষ্টিটোত কৃষি বিপ্লৱ আহিব বুলি কৈ ফুৰা বিধায়ক হেমাংগ ঠাকুৰীয়াইয়ো এই সমস্যাৰ কথাৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই। দেশৰ ধৰণীস্বৰূপ অঞ্চলটোৰ কৃষকৰ এয়াই যেন অৱস্থা। মুঠতে চৰকাৰৰ ৰথী মহাৰথীয়ে এই কৃষকসকলৰ দুখৰ কথা তথা এই উভতি জলসিঞ্চন প্রকল্পৰ দুৰৱস্থাৰ কথা খবৰ লবলৈ আহৰি নাই। ফলত এই কেইবা কোটিটকীয়া প্ৰকল্পটিৰ বগাহাতীত পৰিণত হৈছে।

মিৰ্জা