/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-13-12-15.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ দুৰাৰোগ্য ৰোগত আক্ৰান্ত পলাশবাৰীৰ এগৰাকী মহিলা। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোসাইহাট পীৰপাৰাৰ নিৱাসী মিনতি দাসৰ আছে বিশেষভাৱে সক্ষম দুই সন্তান। তেওঁলোক ক্ৰমে বিভা আৰু কুশল দাস। এই দুৰ্ভগীয়া পৰিয়ালটোৱে আজিকোপতি কোনো চৰকাৰী আঁচনি পাবলৈ সক্ষম নহ'ল। থাকিবলৈ নাই এটা ঘৰ,দুবেলা দুমুঠি খাবলৈ চিন্তা কৰিব লগা হৈছে পৰিয়ালটোৱে। কি মন্ত্ৰী, কি বিধায়ক খবৰ লবলৈ নাই কোনো।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-13-13-01.jpeg)
উল্লেখ্য যে, উপায়বিহীন হৈ পৰিছে এই পৰিয়ালটো। ইপিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে কয় - আমাৰ ঘৰ নাই,পাইখানা নাই। সকলোতে আমাৰ বিপদ। মোৰ মৃত্যু হ'লে এই দুই সন্তানক চাওঁতা কোনো নাথাকিব। এনেদৰে কান্দি কান্দি মহিলাগৰাকীয়ে মন্তব্য কৰিছে।
বিধায়ক হেমাংগ ঠাকুৰীয়াক এই দুখীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ অঞ্চলটোৰ ৰাইজে দাবী উত্থাপন কৰিছে। উল্লেখ যে,পলাশবাৰী সমষ্টিত এনে বহুলোকে আজি পৰ্যন্ত চৰকাৰী ঘৰ,পাইখানা, অৰুণোদয়,ৰেচন কাৰ্ড পোৱা নাই। এসাজ খাই, আন এসাজ খাবলৈ চিন্তাত পৰিছে বহু পৰিয়ালে। ফলত বহু দুখীয়া পৰিয়ালৰ পানীত হাঁহ নচৰাৰ দৰে অৱস্থা হৈছে। ইতিমধ্যে পলাশবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ পৰা বনবিষয়া মৃণাল মেধিৰ নিৰ্দেশত এনে একাংশ পৰিয়ালে কিছু খাদ্য সামগ্ৰী লাভ কৰি উপকৃত হৈছে। লগতে অঞ্চলটোৰ লোকে এনে দুৰ্ভগীয়া পৰিয়ালবৰ্গক আঁচনিত অন্তৰ্ভুক্ত কৰি কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-i-2026-01-18-13-13-41.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us