পলাশবাৰীৰ বৰহেৰামদোৰ কাঁহিগংগা পুথিভঁৰালৰ উদ্যোগত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা সম্পন্ন

দক্ষিণ কামৰূপৰ বিশিষ্ট শিক্ষাবিদ উমাকান্ত ঠাকুৰীয়াৰ সোঁৱৰণত অনুষ্ঠিত এই খেলখনত পুথিভঁৰালৰ পতাকা উত্তোলন কৰে বৰহেৰামদো কাহিগংগা পুথিভঁৰালৰ সভাপতি হীৰকজ্যোতি মহন্তই। 

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ আমৰাঙ্গা-বৰিহাট অঞ্চলটোৰ বৰহেৰামদো কাঁহিগংগা পুথিভঁৰালৰ উদ্যোগত বৃহস্পতিবাৰে পঞ্চম বাৰ্ষিক আমন্ত্ৰণমূলক দিবা-নৈশ ভলীবল খেল প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় । দক্ষিণ কামৰূপৰ বিশিষ্ট শিক্ষাবিদ উমাকান্ত ঠাকুৰীয়াৰ সোঁৱৰণত অনুষ্ঠিত এই খেলখনত পুথিভঁৰালৰ পতাকা উত্তোলন কৰে বৰহেৰামদো কাহিগংগা পুথিভঁৰালৰ সভাপতি হীৰকজ্যোতি মহন্তই। 

WhatsApp Image 2026-01-16 at 10.58.49 AM

বিয়লি খেলৰ উদ্বোধন কৰে বৰহেৰামদো সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱাই। ইপিনে সন্ধিয়া বন্তি প্ৰজ্বলন কৰি অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মুঠ ছয়টা দলৰ মাজত গ্ৰুপ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ পাছত ছেমি ফাইনেল অনুষ্ঠিত হয়। প্ৰথম ছেমি ফাইনেলখন উদ্বোধন কৰে বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা পলাশবাৰী সমষ্টিৰ বিশিষ্ট সমাজসেৱক অনুপ কুমাৰ মেধিয়ে। তেওঁ সুদক্ষ খেলুৱৈ জাতিৰ গৌৰৱ বুলি উল্লেখ কৰে। খেল খেলিলে খেলুৱৈসকলৰ শাৰিৰীক,মানসিকশক্তি অটুট ৰাখে বুলি কয়। 

উল্লেখ্য যে,এই অনুষ্ঠানত অসম তৃণমুল কংগ্ৰেছৰ দক্ষিণ কামৰূপৰ আহ্বায়ক বিকাশ নাথ যোগী,শিক্ষক সীমান্ত দাস,অসম চিনিয়ৰ ভলীবল দলৰ কেপ্তেইন আৰু ৰাজস্থান ভলীবল দলৰ খেলুৱৈ,নিমন্ত্ৰিত ব্যক্তিসকলকে ধৰি স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে বুলি জনাইছে কাহিগংগা পুথিভঁৰালৰ সম্পাদক শুভ্ৰজ্যোতি ঠাকুৰীয়াই। তীব্ৰ উত্তেজনাপূৰ্ণ চুড়ান্ত খেলখনত শ্ৰেষ্ঠ খিতাপ লাভ কৰে শ্ৰীশ্ৰী মাধৱদেৱ ভলীবল দল আৰু দ্বিতীয় শ্ৰেষ্ঠ খিতাপ লাভ কৰে NSK ৰঙিয়াই। প্ৰায় ৫ শতাধিক লোকে এই খেলখন উপভোগ কৰে। 

WhatsApp Image 2026-01-16 at 10.58.50 AM

১৯৫৬ চনতে স্থাপিত বৰহেৰামদো কাহিগংগা পুথিভঁৰালে কেৱল ক্ৰীড়াৰ ক্ষেত্ৰতে নহয় সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি ক্ষেত্ৰতো বিশেষ কাম কৰি আহিছে। গুৰুত্বপূৰ্ণ কথা যে, এই আমৰাঙ্গা-বৰিহাট অঞ্চলটোত পূৰ্বতে বিভিন্ন খেলুৱৈ সৃষ্টি হোৱাই নহয়,ৰাজ্যিক পৰ্যায়তো খেল খেলি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। বৰ্তমান পূৰ্বৰ সেই পৰিৱেশ হ্ৰাস পোৱাত ক্ৰীড়াপ্ৰেমি লোকে আক্ষেপ প্ৰকাশ কৰে।

পলাশবাৰী