দৰাবিলৰ পাৰত মদ-জুৱাৰ মুকলি বেহাঃনিৰ্লিপ্ত আৰক্ষী-প্ৰশাসন

একাংশ লোকে জুৱাত হৰাৰ লগতে মদ্যপান কৰি অবাইচ মাত কথাও মাতি আহিছে। আনকি এই ঘটনাক লৈ সময়ে সময়ে অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হৈ আহিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ এখন আৰ্দ্ৰভূমি দৰাবিলৰ পাৰত এটি দুষ্ট চক্ৰই আৰক্ষী প্ৰশাসন,স্থানীয় বিধায়ক তথা দল সংগঠনৰ নিৰ্বিকাৰ ভূমিকাৰ বাবে অঞ্চলটোত মুকলি মদ জুৱা প্ৰয়োভৰ আৰু নিয়মীয়া আড্ডাই অঞ্চলটোৰ জনজীৱন বিপদাপন্ন কৰাৰ অভিযোগ উত্থাপন কৰিছে সচেতন লোকে। মুকলি বতাহৰ গইনা লৈ একাংশ লোকে গছৰ তলত জুম বান্ধি,দৰাবিলৰ বাকৰিত আৰু বাটে পথে পৃথকে পৃথকে কেইবাটাও দৰে দৈনিক জুৱা খেলাৰ লগতে সমান্তৰালকৈ চুলাই তথা বিলাতী সুৰা বেহা চলোৱাৰ লগতে মুকলি আড্ডাত বিপাঙত পৰিছে অঞ্চলটোৰ লোক। 

WhatsApp Image 2026-01-11 at 8.30.45 PM

এই সমাজ পৰিপন্থী ঘটনাৰ বাবে সৰু ল'ৰা- ছোৱালী আৰু  মহিলাই পোহনীয়া জীৱ জন্তুক পানী খুৱাবলৈ বা খুটি লৰাবলৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈ আহিছে। সংকোচ কৰে।একাংশ লোকে জুৱাত হৰাৰ লগতে মদ্যপান কৰি অবাইচ মাত কথাও মাতি আহিছে। আনকি এই ঘটনাক লৈ সময়ে সময়ে অপ্ৰীতিকৰ পৰিস্থিতিৰো সৃষ্টি হৈ আহিছে। আকৌ প্ৰায় বিয়লিৰ ভাগৰ পৰাই চুলাই বিক্ৰী কৰা আকাশ,ৰাজু,বাটো আৰু কটাহে নিজৰ মটৰ চাইকেলেৰে চুলাই যোগান ধৰি পৰিৱেশ বিঘ্নিত কৰি আহিছে। লগতে এই দৰাবিলৰ কিছু দূৰত অৱস্থিত বাটৰহাট,ভাগৱতী পাৰা,ৰামপুৰ আদি ঠাইৰ বজাৰে ঘাটে অবাধে চলা বিলাতী সুৰা ক্ৰয় কৰি একাংশ যুৱকে পুনৰ দৰাবিলৰ বাকৰিত খাই,আড্ডা পিটি পথচাৰীক সমস্যাত পেলাইছে। 

এই পৰিৱেশৰ বাবে সান্ধ্য ভ্ৰমণ কৰিবলৈ যোৱা আৰু প্ৰাতঃভ্ৰমণলে যোৱা বহুলোকে এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসুবিধাত পৰি ভ্ৰমণ বাদ দিব লগাও হৈছে। চুলাইৰ বগা পলিথিনৰ পেকেট, বিভিন্ন বিলাতী সুৰাৰ বটল পেলাইও ৰাইজক বিপাঙত পেলাইছে। কেতিয়াবা এই বটলবোৰ উদণ্ড যুৱকে ভাঙি দৰাবিলতেও পেলাই আহিছে। স্থানীয় সচেতন ব্যক্তি সকলে অভিযোগ কৰা মতে আৰক্ষী আৰু আবকাৰী বিভাগৰ মানুহে চুলাই বেপাৰীৰ পৰা মাহিলী ভিত্তিত টকা সংগ্ৰহ কৰাৰ বিনিময়ত এই ঘটনা অঞ্চলটোত বৃদ্ধি পাই আহিছে। আনকি চুলাইৰ উপৰি অৰুণাচল আৰু মেঘালয়ৰ মোহৰ যুক্ত বিলাতী সুৰাৰো অবাধ বেহা চলিছে।

WhatsApp Image 2026-01-11 at 8.30.45 PM (1)

অভিযোগ অনুসৰি জনৈক আকাশে ওখকৈ দেৱাল নিৰ্মাণ কৰি নিজৰ চৌহদৰ ভিতৰত মজুত ৰাখিছে লক্ষ লক্ষ টকাৰ সুৰা। ফ্ৰীজত ৰাখি আহিছে বীয়েৰ। সমান্তৰালভাৱে ৰামপুৰ চকত জনৈক নোনোৱে স্কুটিৰে চুলাইৰ যোগান ধৰা খবৰ আহিছে। উল্লেখযোগ্য যে আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত ভাগৱতী, ৰামপুৰ আৰু বাটৰহাটৰ কেবাজনো অবৈধ চুলাই তথা বিলাতী সুৰা ব্যৱসায়িক আটক কৰিছিল যদিও লগে লগে মুকলি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত নিৰ্ভয়ে চলাই গৈছে এই বেহা।

পলাশবাৰী