/asomiyapratidin/media/media_files/2026/01/04/1-2026-01-04-19-32-25.jpg)
ডিজিটেল ডেস্কঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মিৰ্জাৰ সমীপৰ তিনিআলিৰ মেনাপাৰাৰ নিবাসী উত্তম কুমাৰ দাসৰ পৰিয়ালৰ দুই ভগ্নী মানসিকভাৱে বিকাৰগ্ৰস্ত। লগতে তেওঁৰ দুই সন্তান বিজিত দাস আৰু লিজা দাস দৃষ্টিহীন হোৱাৰ ফলত পৰিয়ালটো বিপাঙত পৰাই নহয় তীব্ৰ আৰ্থিক সংকটত ভুগিছে ।
উল্লেখ্য যে, ঘৰৰ খেতি মাটি,সা-সম্পদ বিক্ৰী কৰি, ধাৰলৈ অনা পইছাৰে কেইবাবছৰ ধৰি চাৰিজনক চিকিৎসা চলাই ক্ৰমাত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে উত্তম কুমাৰ দাস। ইপিনে তেওঁ এটা কোম্পানীত কাম কৰি পৰিয়ালটোৰ এই চাৰিজন লোকক চিকিৎসাৰ লগতে সকলো দিশত পৰিচাৰ্য কৰাত বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। কিন্তু কাণসাৰ নাই স্থানীয় বিধায়ক,পঞ্চায়ত প্ৰতিনিধি তথা বিভিন্ন সেচ্ছাসেৱী সংগঠন আদিৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/04/whatsapp-imag-2026-01-04-19-32-46.jpeg)
বৰ্তমান পৰিয়াল বৰ্গই আৰ্থিক,মানসিক সকলো ক্ষেত্ৰতে দিশহাৰা হৈ পৰিছে যদিও চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সহায়। উত্তম কুমাৰ দাসে চিকিৎসা,অসহায়বোধ অৱস্থাৰ বাবে বিভিন্ন সময়ত জিলা আয়ুক্ত,বিধায়ক,পঞ্চায়ত প্ৰতিনিধি আদিৰ কাষলৈ গৈ তেওঁলোকৰ বিষয়ত কৈছিল যদিও আজিলৈ কোনো কামত নাহিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে- চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পাবনে এই দুৰ্ভগীয়া পৰিয়ালটোক। এইক্ষেত্ৰত স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াকো সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us