প্লেবেক গায়িকা পলক মুচালে গঢ়িলে অভিলেখ

বলীউদৰ বিখ্যাত গায়িকাসকলৰ তালিকাত নাম  থকা এগৰাকী গায়িকা পলক মুচাল। তেওঁৰ আছে বহু নজনা কথা।

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2

ডিজিটেল ডেস্কঃ বলীউদৰ বিখ্যাত গায়িকাসকলৰ তালিকাত নাম  থকা এগৰাকী গায়িকা পলক মুচাল। তেওঁৰ আছে বহু নজনা কথা। 

উল্লেখ্য যে বিশ্ব ৰেকৰ্ডৰ তালিকাত নাম লিপিবদ্ধ কৰিছে এক বিশেষ কাৰণত। সেই কাৰণ গম পোৱাৰ পিছত সকলো আচৰিত হৈ পৰিব।এক কথাত কবলৈ গ'লে মানৱসেৱাৰ কামত লুকাই আছে তেওঁৰ জীৱনৰ আচল পৰিচয় । 

তাৰোপৰি,  পলক মুচালে সৰুৰে পৰা সমাজসেৱা কৰি আহিছে। সংগীত জগতৰ বাহিৰে পলক মুচালে ব্যক্তিগত উদ্যোগতে এইপৰ্যন্ত ৩৮০০ জনৰো অধিক শিশুৰ হাৰ্ট ছাৰ্জাৰী সফলভাৱে সম্পন্ন  কৰিছে। বিশাল সংখ্যক শিশুৰ জীৱন ৰক্ষাৰ মহৎ কামৰ স্বীকৃতিস্বৰূপে তেওঁ নাম লিপিবদ্ধ কৰিছে গীণিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ পাতত।
 
আনফালে, পলক মুচালে নিজৰ কনচাৰ্ট আৰু ব্যক্তিগত সঞ্চয়ৰ ধনেৰে গঢ়ি তুলিছে জীৱন ৰক্ষাৰ এই মহৎ উদ্যোগ। লগতে তেওঁ উল্লেখ কৰিছে যে যিমানদিন থাকিম, সিমান দিন অন্তত এটি এটি শিশুক জীৱন দান কৰাৰ চেষ্টা কৰিম।