/asomiyapratidin/media/media_files/2026/01/22/1-2026-01-22-10-33-04.jpg)
ডিজিটেল সংবাদ,মিৰ্জাঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ শান্তিপুৰ নিৱাসী সমাজকৰ্মী, বাগান বজাৰস্থিত গোস্বামী মেডিকেল ষ্টোৰৰ স্বত্বাধিকাৰী ৰাজীৱ লোচন গোস্বামীৰ বৃহস্পতিবাৰে নিশা হাৰ্ট এটেকত দেহাৱসান ঘটে। চিকিৎসালয়ৰ পৰা চিকিৎসা কৰি ঘৰলৈ ওভোটাৰ পথত মৃত্যুত আকোৱালি লয় ব্যৱসায়ী,সমাজকৰ্মী ৰাজীৱ লোচন গোস্বামীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-image-20-2026-01-22-10-33-18.jpeg)
একেধাৰে বৰদুৱাৰ বাগান অঞ্চলৰ কলাগুৰু নাট্য গোষ্ঠী,ৰাস উৎসৱ,সমিতি, লক্ষ্মী পূজা সমিতি, জ্ঞান মন্দিৰ শিক্ষানুষ্ঠান,বাগান ব্যৱসায়ী সমিতি আদি অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ব্যৱসায়ী,সমাজকৰ্মী ৰাজীৱ লোচন গোস্বামী। তেখেতৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ লোক,শুভাকাংক্ষী,বন্ধু-বান্ধৱ আদিয়ে শোক প্ৰকাশ কৰি তেওঁলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত আজি বাগানৰ ব্যৱসায়ী অঞ্চল পুৱাৰ পৰা দুপৰীয়ালৈ বন্ধ ৰাখি শোক প্ৰকাশ কৰে। বৰদুৱাৰ বাগান অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-ima-2026-01-22-10-33-40.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us