/asomiyapratidin/media/media_files/2025/11/26/ap-web-3-2-2025-11-26-21-12-29.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত নুহ জিলাৰ পৰা গ্ৰেপ্তাৰ হাৰিয়ানাৰ অধিবক্তা। এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে চাঞ্চল্য।
উল্লেখ্য যে প্ৰাপ্ত তথ্য অনুসৰি অভিযুক্ত যুব অধিবক্তা ৰিজৱান খাৰখাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে। ৰিজৱানে গুৰুগ্ৰামত অধিবক্তা হিচাপে কৰ্মৰত আছিল।
জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা অধিবক্তা ৰিজৱানে অনলাইনযোগে পাকিস্তানৰ বহু লোকৰ সৈতে যোগাযোগ স্থাপন কৰিছিল আৰু সন্দেহজনক বিত্তীয় লেনদেনত জড়িত হোৱাৰো অভিযোগ উত্থাপন হৈছে। ইপিনে ৰাষ্ট্ৰীয় বিৰোধী কাৰ্যকলাপৰ অভিযোগত অভিযুক্ত অধিবক্তাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইপিনে অভিযুক্ত অধিবক্তাৰ মোবাইল ফোনত হোৱাটছএপ চেটৰ পৰা আদি কৰি বহু ডিজিটেল প্ৰমাণো লাভ কৰিছে বুলি আৰক্ষীয়ো জানিব দিয়ে।
প্ৰাণিধানযোগ্য যে ৰিজৱানৰ পৰিয়ালে এই অভিযোগ অস্বীকাৰ কৰিছে। তেওঁলোকৰ মতে পাকিস্তানত তেওঁলোকৰ আত্মীয় আছে আৰু তেওঁলোকৰ মাজত স্বাভাৱিক যোগাযোগ হৈ থাকে। ইপিনে ৰিজৱানে কোনো ধৰণৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত নহয় বুলি পৰিয়ালৰ লোকে জানিব দিছে।
তাৰোপৰি ২০২৫ চনৰ মে’ মাহতো নুহত চোৰাংচোৱাগিৰি সম্পৰ্কীয় আন এজনো গ্ৰেপ্তাৰ হৈছিল । হাৰিয়ানা আৰক্ষী আৰু কেন্দ্ৰীয় তদন্ত সংস্থাই টাৱাডু মহকুমাৰ কংগাৰকা গাঁৱৰ পৰা মহম্মদ তাৰিফ নামৰ এজন লোকে পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তদন্তৰ সময়ত সেই অভিযুক্তৰ মোবাইল ফোনত উদ্ধাৰ পাকিস্তানী হোৱাটছএপ নম্বৰ। অভিযোগ অনুসৰি ভাৰতীয় সামৰিক কাৰ্যকলাপৰ সৈতে জড়িত গোপনীয় তথ্য দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তক হোৱাটছএপৰ জৰিয়তে প্ৰদান কৰিছিল। অভিযুক্তই আছিফ বালোচ আৰু জাফৰ নামৰ পাকিস্তান উচ্চায়ুক্তৰ দুজন কৰ্মচাৰীলৈ তথ্য হস্তান্তৰ কৰাৰ অভিযোগে আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us