/asomiyapratidin/media/media_files/2025/04/27/8FqnOsBB2oPFD4gE5vGX.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম কাণ্ডক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে। এই ঘটনাৰ সৈতে জড়িত দোষী, সংগঠন আৰু পৃষ্ঠপোষকসকলক জবাবদিহি কৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত ৰাষ্ট্ৰসংঘই আলোকপাত কৰে।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদখনৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা পাকিস্তানে অন্যান্য সদস্য ৰাষ্ট্ৰৰ সৈতে একত্ৰিত হৈ পেহেলগাম আক্ৰমণৰ তীব্ৰ নিন্দা কৰে। পাকিস্তানে গৰিহণা প্ৰস্তাৱত অতি নৰম ভাষা প্ৰয়োগ কৰাৰ লগতে চীনৰ সহযোগত পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কূটকৌশল ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে।
পাকিস্তানে এই কাণ্ডৰ সৈতে জড়িত নহয় বুলি দেশখনে দৃঢ়তাৰে উল্লেখ কৰা লগতে হত্যাকাণ্ডক লৈ দুখ প্ৰকাশ কৰিছে। আনকি পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে সন্ত্ৰাসবাদীক স্বাধীনতা সংগ্ৰামী বুলিও অভিহিত কৰে।
মঙলবাৰে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়, য'ত বেছিভাগেই পৰ্যটক। উল্লেখ্য যে, নিৰাপত্তা পৰিষদে নিজৰ বিবৃতিত সন্ত্ৰাসবাদৰ নিন্দনীয় কাৰ্য্যৰ দোষীক যাতে আইন আওতালৈ অনা হয় তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
কিন্তু ২০১৯ চনৰ পুলৱামা আক্ৰমণক গৰিহণা দি জাৰি কৰা বিবৃতিতকৈ এই প্ৰতিবেদনৰ ভাষা আছিল অতি কোমল। পুলৱামা আক্ৰমণৰ সময়ত ইউএনএছচিয়ে এই ক্ষেত্ৰত সকলো দেশকে ‘ভাৰত চৰকাৰ’ক সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল যদিও এইবাৰ পেহেলগাম আক্ৰমণক গৰিহণা দি কেৱল ‘সকলো সংশ্লিষ্ট কৰ্তৃপক্ষ’ৰ সৈতে সহযোগিতা আগবঢ়াবলৈহে অনুৰোধ জনাইছে।
ইউএনএছচিয়ে প্ৰস্তাৱ কৰা বিবৃতিটোৰ ওপৰত একমত হোৱাৰ পূৰ্বে পাকিস্তানে চীনৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ পাছতে পাকিস্তানৰ সুৰ সলনি হোৱাৰ অভিযোগ উত্থাপন হৈছে।