১৬বছৰ তলৰ ল'ৰা-ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব Social Media!

সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত বৰ্তমান সময়ত বহু নীতি-নিয়ম বান্ধি দিয়া হৈছে।  কিন্তু এতিয়াও ছচিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতকে ধৰি বহু কেইখন দেশত বান্ধি দিয়া হোৱা নাই ব্যৱহাৰকাৰীৰ ন্যূনতম বয়সৰ সীমা।

author-image
Asomiya Pratidin
New Update
new ap web 1.jpg (4)

ডিজিটেল ডেস্কঃ সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত বৰ্তমান সময়ত বহু নীতি-নিয়ম বান্ধি দিয়া হৈছে।  কিন্তু এতিয়াও ছচিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতকে ধৰি বহু কেইখন দেশত বান্ধি দিয়া হোৱা নাই ব্যৱহাৰকাৰীৰ ন্যূনতম বয়সৰ সীমা।

কিন্তু দুই এখন এনে দেশ আছে য’ত কিশোৰ-কিশোৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।  অষ্ট্ৰেলিয়াৰ পাছত এইবাৰ সম্ভৱত পাকিস্তানতো কিশোৰ-কিশোৰীসকলে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। কিয়নো ইতিমধ্যে এই ক্ষেত্ৰত লাহোৰ উচ্চ ন্যায়ালয়ত এক আৱেদন দাখিল কৰা হৈছে।

পাকিস্তানৰ ১৬ বছৰৰ তলৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ বাবে সামাজিক মাধ্যমত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দাখিল কৰা হৈছে এই আবেদন। বুধবাৰৰ ভিতৰত লাহোৰ উচ্চ ন্য়ায়ালয়ে পাকিস্তানৰ শ্বেহবাজ শ্বৰীফ চৰকাৰ আৰু চৰকাৰী বিষয়াসকলৰ পৰা এই ক্ষেত্ৰত উত্তৰ বিচাৰিছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই আবেদন আলিয়া ছলিম আৰু আবেদনকাৰীয়ে অধিবক্তা শ্বিজা কুৰেশ্বীৰ জৰিয়তে দাখিল কৰিছিল। আৰু মঙলবাৰে এই আবেদন সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আলিয়া নীলামে গ্ৰহণ কৰিছিল শুনানি।

উল্লেখ্য যে, ন্যায়ালয়ত অধিবক্তা গৰাকীয়ে ন্যায়ালয়ত যুক্তি দিছিল যে- ছচিয়েল মিডিয়াই কম বয়সীয়া ল’ৰা-ছোৱালীৰ মানসিক, নৈতিক আৰু শৈক্ষিক বিকাশৰ ক্ষেত্ৰত গুৰুতৰ ক্ষতি কৰিছে। তেওঁ উল্লেখ কৰে যে, উন্নত দেশসমূহত কিশোৰ-কিশোৰীসকলৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ চিন্তা-চৰ্চা কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে- ২০২৫ৰ ডিচেম্বৰত অষ্ট্ৰেলিয়াই কম বয়সীয়া ল’ৰা-ছোৱালীয়ে ছচিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছিল। 

আবেদনকাৰীসকলক প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীয়ে উচ্চ ন্যায়ালয়ত যুক্তি দিছিল যে ছ’চিয়েল মিডিয়াই শিশুৰ মানসিক, নৈতিক, আৰু শৈক্ষিক বিকাশৰ গুৰুতৰ ক্ষতি কৰিছে। তেওঁ উল্লেখ কৰে যে উন্নত দেশসমূহেও সৰু ল’ৰা-ছোৱালীৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কাৰ্যকৰী বা নিষিদ্ধ কৰাৰ কথা চিন্তা কৰিছে। অধিবক্তাগৰাকীয়ে আদালতক জনাইছে যে অষ্ট্ৰেলিয়াই ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰিছিল, আনহাতে ফ্ৰান্স, নৰৱে, মালয়েছিয়া, আৰু নিউজিলেণ্ডে এই বিষয়ত আইন প্ৰণয়নৰ প্ৰক্ৰিয়াত আছে। ইয়াৰ ভিত্তিতেই অধিবক্তা কুৰেশ্বীয়ে ন্যায়ালয়ক ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ ছচিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিবলৈ কয়। 

সামাজিক মাধ্যম