/asomiyapratidin/media/media_files/2025/09/16/ujjjd-2025-09-16-19-50-03.jpg)
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প কিমান মিছলীয়া হ'ব পাৰে, তাৰ প্ৰমাণ আকৌ এবাৰ পালে বিশ্ববাসীয়ে। ট্ৰাম্পাৰ মিথ্যাচাৰ এইবাৰ উদঙাই দিলে পাকিস্তানে। ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ বাবে মধ্যস্থতা কৰা বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দাবী উদঙাই দিলে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী তথা উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে মে’ মাহত ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ সময়ত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই তেওঁক কৈছিল যে ভাৰতে যুদ্ধবিৰতিৰ বাবে তৃতীয় পক্ষৰ মধ্যস্থতা অস্বীকাৰ কৰিছিল কাৰণ এইটো দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বিষয়।
বিদেশী এক চেনেলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডাৰে কয় যে, সামৰিক সংঘাতৰ সময়ত ভাৰতৰ সৈতে তৃতীয় পক্ষৰ মধ্যস্থতা সম্পৰ্কে ৰুবিঅ’ক সোধাত আমেৰিকাৰ বিষয়াগৰাকীয়ে তেওঁক কয় যে নতুন দিল্লীয়ে ইয়াক নাকচ কৰিছে কাৰণ এয়া দ্বিপাক্ষিক বিষয়। তেওঁ কয় যে তৃতীয় পক্ষৰ মধ্যস্থতাত আমাৰ কোনো আপত্তি নাই, কিন্তু ভাৰতে ইয়াক দ্বিপাক্ষিক বিষয় বুলি অভিহিত কৰিছে।
পাক বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কয়, দ্বিপাক্ষিক মধ্যস্থতাত আমাৰ কোনো আপত্তিও নাই। ২৫ জুলাইত ৱাশ্বিংটনত বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক লগ পাওঁতে তেওঁক সুধিলোঁ যে আলোচনাৰ কি হ’ল? এই সন্দৰ্ভত মাৰ্কো ৰুবিঅ’ই কয় যে ভাৰতে কয় যে এইটো এটা দ্বিপাক্ষিক বিষয়।
পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে আমি দ্বিপাক্ষিক আলোচনাৰ বাবে সাজু, কিন্তু আলোচনাৰ বাবে ভিক্ষা নকৰো। আমি একো ভিক্ষা খুজি থকা নাই। কোনো দেশে যদি আলোচনা বিচাৰে আমি সুখী হ’ম। আমি ইয়াক আদৰণি জনাইছো। আমি এখন শান্তিপ্ৰেমী দেশ। আমি বিশ্বাস কৰোঁ যে আলোচনাই হৈছে আগুৱাই যোৱাৰ পথ। কথা পাতিবলৈ দুজন মানুহ লাগে। যেতিয়ালৈকে ভাৰতে কথা ক’ব নিবিচাৰে, তেতিয়ালৈকে আমি জোৰ-জবৰদস্তি কৰিব নোৱাৰো।