/asomiyapratidin/media/media_files/2025/12/22/504-2025-12-22-17-14-36.jpg)
ডিজিটেল ডেস্ক : সদ্য সমাপ্ত ১৯ অনুৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে পাকিস্তান। দেওবাৰে ডুবাইত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেল মেচত ভাৰতৰ বিৰুদ্ধে ৰাজকীয় বিজয় সাৱ্যস্ত কৰা পাকিস্তান ক্ৰিকেট দলৰ বাবে আছে এক সুখবৰ।
১৯ অনুৰ্ধ ভাৰতীয় ক্ৰিকেট দলক ডুবাইত ধৰাশায়ী কৰাৰ পুৰস্কাৰ হিচাপে পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আয়োজন কৰিছে এক অভ্যাৰ্থনা অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত চেম্পিয়ন দলটোৰ সদস্যসকলক সন্মান জনোৱা হ’ব।
লগতে প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী সদস্যৰে মত-বিনিময় কাৰ্যসূচীত অংশ ল’ব বুলি জানিব পৰা গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, ২১ ডিচেম্বৰ ২০২৫ দেওবাৰে ডুবাইত অনুষ্ঠিত ফাইনেল মেচত ১৯১ ৰানৰ বিশাল ব্যৱধানত জয়ী হৈছিল পাকিস্তান। মেচখনত পাকিস্তানে কৰিছিল ৩৪৭ ৰান আৰু ভাৰতে কৰিছিল মাত্ৰ ১৫৬ ৰান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us