/asomiyapratidin/media/media_files/2025/12/13/new-ap-web-1-37-2025-12-13-17-33-34.jpg)
ডিজিটেল ডেস্কঃ সাম্প্ৰতিক সময়ত এটা বিষয়ে সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।চৰ্চাত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ। বিশ্ব ৰাজনীতিত এই বিষয় আটাইতকৈ চৰ্চিত হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/93235294-0cee-4151-9f07-478fbcf9a188-2025-12-13-17-30-41.jpeg)
উল্লেখ্য় যে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ ৪০ মিনিট অপেক্ষা কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হয়। শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তুৰ্কমেনিস্তান ভ্ৰমণ কৰি ইন্টাৰনেশ্যনেল ফৰাম ফৰ পিচ এণ্ড ট্ৰাষ্টত অংশগ্ৰহণ কৰিছিল। য’ত উপস্থিত আছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগান,ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/13/59acf7c2-d273-4d85-9d75-699321981f6e-2025-12-13-17-31-02.jpeg)
প্ৰণিধানযোগ্য যে, শুকুৰবাৰে শ্বাহবাজ শ্বৰীফে তুৰ্কী, তুৰ্কমেনিস্তান, ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈছিল। ইয়াৰ উপৰিও তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ান, তাজিকিস্তানৰ ৰাষ্ট্ৰপতি ইমোমালি ৰহমন, কিৰ্গিস্তানৰ ৰাষ্ট্ৰপতি ছাদিৰ জাপাৰভৰ সৈতে অনানুষ্ঠানিক বৈঠকত মিলিত হয়। কিন্তু ৰাছিয়াৰ ৰাষ্ট্ৰপতি আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ দীঘলীয়া বৈঠক চলি থকা বাবে বহু সময় ধৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে অপেক্ষা কৰিব লগৈ হৈছিল। যাৰ ফলত এই বিষয় সামাজিক মাধ্যমত অতিকৈ চৰ্চাৰ কেন্দ্ৰ বিন্দুত পৰিণত হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us