/asomiyapratidin/media/media_files/2025/11/24/bhnd-2025-11-24-10-13-45.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা পাকিস্তানৰ পেছাৱৰত অৰ্ধসামৰিক বাহিনীৰ মুখ্য কাৰ্যালয়ত বন্দুকধাৰীয়ে আক্ৰমণ কৰে। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰাও কৰে।
ইফালে পেছাৱৰৰ কেইবাজনো বাসিন্দাই ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে তেওঁলোকে এফ চিৰ মুখ্য কাৰ্যালয়ৰ পৰা বোমা বিস্ফোৰণৰ দৰে এটা ডাঙৰ শব্দ শুনিছে। ঘটনাৰ পিছতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু সমগ্ৰ বিষয়টোক লৈ তদন্ত অব্যাহত ৰাখিছে।
জিঅ’ টিভিৰ তথ্য অনুসৰি সোমবাৰে পুৱা ৮:১০ বজাত পেছাৱৰত থকা ফেডাৰেল কনষ্টেবলৰী (এফ চি)ৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ সংঘটিত হয়। ঘটনাৰ পিছতে সুনহেৰী মছজিদ পথ বন্ধ কৰি সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হয়।নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, আক্ৰমণৰ সময়ত দুটা বিস্ফোৰণ সংঘটিত হয়, আৰু আক্ৰমণকাৰীয়ে গুলীচালনা কৰি আতংকৰ সৃষ্টি কৰে।
এই আক্ৰমণত নিহত হয় ৩ উগ্ৰপন্থী। নিৰাপত্তাৰক্ষীৰ সূত্ৰই জনোৱা মতে, মুখ্য কাৰ্যালয়ৰ গেটত এজন আত্মঘাতী বোমাৰু বিস্ফোৰণ ঘটায়। অৱশ্যে এই ঘটনাক লৈ কোনো তথ্য ৰাজহুৱা কৰা নাই পাকিস্তানৰ সেনা বাহিনীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us