/asomiyapratidin/media/media_files/2025/12/09/cdsfdfs-2025-12-09-23-45-36.jpg)
ডিজিটেল ডেস্কঃ বিদেশত অপমানৰ সন্মুখীন হ'ল পাকিস্তানৰ গৃহমন্ত্ৰী। লণ্ডনত পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱীৰ গাড়ীত চলোৱা হয় তালাচী। ব্ৰিটিছ বৈদেশিক কাৰ্যালয়ত প্ৰৱেশ কৰাৰ সময়তে নকভিৰ গাড়ীত তালাচী চলায় আৰক্ষীয়ে ৷​​​​ আৰক্ষীয়ে তালাচী চলোৱা ভিডিঅ ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এই ঘটনাই বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰাপত্তাৰক্ষীয়ে নাকভিৰ গাড়ীখনত ড্ৰাগছ বা বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা বুলি সন্দেহ কৰি তালাচী চলাইছিল বুলি জানিব পৰা গৈছে ৷ অপৰাধ , দুৰ্নীতি আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়ত জড়িত থকাৰ অভিযোগত অভিযুক্ত শ্বাহজাদ আকবৰ আৰু আদিল ৰাজকে ধৰি কেইবাজনো পাকিস্তানী ব্যক্তিসকলৰ প্ৰত্যাৱৰ্তনৰ বাবে আলোচনা কৰিবলৈ মহছিন নাকভিয়ে লণ্ডনলৈ গৈছিল।​​​​​​​​​ সেই সময়ছোৱাতে সংঘটিত হয় এই ঘটনা।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সভাপতিও মহছিন নাকভি ।২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহলৈকে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী আছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us