/asomiyapratidin/media/media_files/2026/02/06/pakisttatta-2026-02-06-17-18-01.jpg)
নিউজ ডেস্কঃ পাকিস্তানত নামাজ আদায় কৰা সময়তে সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণৰ ফলত বহু কেইজন লোক নিহত হয়। দৰাচলতে, ইছলামাবাদত এটা মছজিদত নামাজ আদায় কৰা সময়তে সংঘটিত হয় এই ঘটনা।
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই বিস্ফোৰণ পাছতে ইছলামাবাদত হাই এলাৰ্ট জাৰি কৰা হৈছে। ছুচাইড বোম্বাৰে এই বিস্ফোৰণ সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় আৰক্ষীয়ে। ইফালে, এই বিস্ফোৰণত ১০জনকৈ লোক নিহত হয়।
আনহাতে, মছজিদত সংঘটিত এই বিস্ফোৰণত প্ৰায় ১৫জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে। উল্লেখ্য যে, বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পূৰ্বৰে পৰা পাকিস্তানত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই আক্ৰমণত পাকিস্তানৰ প্ৰায় ৩ শতাধিক সেনা জোৱান নিহত হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us