/asomiyapratidin/media/media_files/2025/12/04/ujjjdd-2025-12-04-11-49-22.jpg)
ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কিয় পোতাশালত বন্দী কৰি থৈছে পাকিস্তানে! এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক কিয় অকথ্য নিৰ্যাতন চলাইছে পাক চৰকাৰ আৰু সেনাই। এই সন্দৰ্ভত মুখ খুলিছে ইমৰান খানৰ ভগ্নী আলিমা খানে।
'স্কাই নিউজ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আলিমা খানে কয় যে পাকিস্তানৰ বৰ্তমানৰ সেনা প্ৰধানগৰাকীৰ কঠোৰ আৰু মৌলবাদী মানসিকতা আছে। অসীম মুনিৰৰ ভাৰতৰ প্ৰতি শত্ৰুতাপূৰ্ণ মানসিকতা আছে, যাৰ বাবে তেওঁ সীমান্তত উত্তেজনা বৃদ্ধি কৰা সিদ্ধান্তক উৎসাহিত কৰে।
আলীমাই লগতে দাবী কৰে যে - মুনীৰৰ মতাদৰ্শৰ সৈতে মতানৈক্য থকাসকলক লক্ষ্য কৰি লোৱা হয়, আৰু এই মনোভাৱে পাকিস্তানৰ ৰাজনীতিক আৰু অধিক অস্থিৰ কৰি তুলিছে। আলিমা খানৰ মতে, ইমৰান খানে ভাৰতৰ প্ৰতি সদায় ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিছে।
ভাতৃয়ে ভাৰতৰ সৈতে বাৰে বাৰে আলোচনাৰ চেষ্টা চলাইছিল আৰু ভাৰতীয় নেতৃত্ব আৰু বিজেপিৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল বুলিও কয় তেওঁ। আলিমাৰ মতে, যেতিয়াই পাকিস্তানত কঠোৰপন্থী নেতৃত্বই ক্ষমতালৈ আহে তেতিয়াই ভাৰত বিৰোধী পৰিৱেশৰ সৃষ্টি হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us