পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং

পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং

author-image
asomiyapratidin
New Update
পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বুধবাৰে কয় যে ভাৰতীয় সভ্যতাত সকলো ধৰ্মক সমান দৃষ্টিৰে চোৱা হয় বাবেই ভাৰত এখন ধৰ্ম নিৰেপক্ষ দেশ হিচাপে গণ্য হৈ আহিছে। ভাৰত কেতিয়াও পাকিস্তানৰ দৰে ধৰ্মশাসিত দেশ হ'ব নোৱাৰে বুলিও মন্তব্য কৰে ৰাজনাথ সিঙে।

Advertisment

গণতন্ত্ৰ দিৱস উপলক্ষ্যে দিল্লীত এনচিচিয়ে আয়োজন কৰা শিৱিৰত উপস্থিত থাকি ৰাজনাথ সিঙে কয়, 'আমি ধৰ্মৰ মাজত ভেদভাৱ নকৰো। তেন্তে আমি কি কৰিম? আমাৰ চুবুৰীয়া দেশে ইতিমধ্যে নিজকে এক ধৰ্মৰ দেশ বুলি ঘোষণা কৰিছে। আমি তেনে ঘোষণা কৰা নাই। আনকি আমেৰিকাও এখন ধৰ্মশাসিত ৰাষ্ট্ৰ। কিন্তু ভাৰত এক ধৰ্মশাসিত ৰাষ্ট্ৰ নহয়। কিন্তু কিয়? কিয়নো আমাৰ সাধু-সন্যাসী সকলে কেৱল আমাৰ সীমাৰ ভিতৰতে বাস কৰা সকলকে নহয়, সমগ্ৰ বিশ্বৰে লোককে নিজৰ পৰিয়ালৰ সদস্য বুলি মানি লৈছিল।'

ভাষণৰ মাজত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বসুদেৱ কুটুম্বকমৰ এশাৰী বাক্য উদ্ধৃত কৰে। যাৰ অৰ্থ হৈছে- সমগ্ৰ বিশ্বই এটা পৰিয়াল। তেওঁ কয়, 'ভাৰত কোনো নিৰ্দিষ্ট ধৰ্মৰ দেশ নহয়। এই দেশত সকলো ধৰ্মৰ লোকেই বাস কৰিব পাৰে। ধৰ্ম নিৰপেক্ষাতৰ এই বাৰ্তা সমগ্ৰ বিশ্বই লাভ কৰা উচিত।'