মহাভাৰত-ভাগৱতৰ শ্লোক আবৃত্তি কৰিছে পাকিস্তানৰ শিক্ষাৰ্থীয়ে

লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট ছায়েন্সে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।‌ পাকিস্তানৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীয়ে কৰিছে সংস্কৃতৰ পাঠদান। পাকিস্তানী ছাত্ৰ-ছাত্ৰীয়ে মহাভাৰত-ভাগৱতৰ শ্লোক আবৃত্তি কৰাও পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কাহানিও কল্পনা নকৰা এক দৃশ্য।পাকিস্তানৰ শ্ৰেণীকোঠাত শিক্ষাৰ্থীয়ে কৰিছে সংস্কৃতৰ পাঠদান। পাকিস্তানী ছাত্ৰ-ছাত্ৰীয়ে মহাভাৰত-ভাগৱতৰ শ্লোক আবৃত্তি কৰাও পৰিলক্ষিত হৈছে। লাহোৰ ইউনিভাৰ্চিটি অৱ মেনেজমেণ্ট ছায়েন্সে এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে।‌ কেৱল গ্ৰহণ কৰাই নহয় সুন্দৰকৈ এই পদক্ষেপ কাৰ্যকৰীও কৰিছে। 

WhatsApp Image 2025-12-14 at 7.54.24 AM

উল্লেখ্য যে, পাকিস্তানৰ বিশ্ববিদ্যালয়সমূহত পূৰ্ণাংগ পাঠ্যক্ৰম হিচাপে পাঠদান কৰা হ’ব সংস্কৃত। এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ পৰা ব্যাপক সঁহাৰি লাভ কৰাৰ পাছত। ইপিনে ২০২৭ চনৰ ভিতৰত সংস্কৃতক বাৰ্ষিক পাঠ্যক্ৰম হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে।

0b934928-69be-44dd-9e04-b9266724397f

পাকিস্তানৰ শিক্ষাৰ্থী