Advertisment

৫৩ বছৰৰ পাছত বাংলাদেশলৈ উভতিব পাকিস্তানী সেনা...

এগৰাকী জেনেৰেলৰ লগতে জ্যেষ্ঠ সামৰিক বিষয়াসকলে বাংলাদেশ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭১ চনত পূব পাকিস্তানৰ পৰা পাকিস্তানী সেনাক বহিষ্কাৰ কৰা হৈছিল।

author-image
Asomiya Pratidin
New Update
hf

ডিজিটেল ডেস্কঃ  বাংলাদেশ আৰু পাকিস্তানৰ ১৯৭১ চনৰ বিষয়সমূহ মীমাংসাৰ দিশে আগবাঢ়িছে। দুয়োখন দেশৰ মাজত ব্যৱসায়, বাণিজ্য, ক্ৰীড়া আৰু সাংস্কৃতিক বিনিময় বৃদ্ধিৰ বাবে ঢাকা আৰু ইছলামাবাদ ঐক্যমতত উপনীত হোৱা পাছতে আহিছে অন্য এক খবৰ। পাঁচ দশকৰো অধিক সময়ৰ অন্তত বাংলাদেশলৈ ঘূৰি অহাৰ পৰিকল্পনা কৰিছে পাকিস্তান সেনাই।

Advertisment

অতি শীঘ্ৰে এগৰাকী জেনেৰেলৰ লগতে জ্যেষ্ঠ সামৰিক বিষয়াসকলে বাংলাদেশ ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। উল্লেখ কৰা প্ৰয়োজন যে, ১৯৭১ চনত পূব পাকিস্তানৰ পৰা পাকিস্তানী সেনাক বহিষ্কাৰ কৰা হৈছিল।

এই সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, পাকিস্তানৰ যুটীয়া মুখ্য কৰ্মচাৰী সমিতিৰ অধ্যক্ষ জেনেৰেল ছাহিৰ ছামছাদ মিৰ্জাই বাংলাদেশৰ সামৰিক প্ৰশিক্ষণৰ সুবিধাসমূহ পৰিদৰ্শন কৰাৰ লগতে যুৱ বিষয়াসকলক সম্বোধন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 

লক্ষ্যণীয় যে, বাংলাদেশে উক্ত প্ৰস্তাৱ মানি লৈছে লগতে এই সন্দৰ্ভত ইতিমধ্যে প্ৰাৰম্ভিক আলোচনা চলি আছে। অৱশ্যে ভ্ৰমণৰ নিৰ্দিষ্ট তাৰিখ নিশ্চিত হোৱা নাই। শ্বেখ হাছিনাক ক্ষমতাৰ পৰা অপসাৰণ আৰু মহম্মদ ইউনুছে নেতৃত্ব গ্ৰহণ কৰাৰ পিছত বাংলাদেশ-পাকিস্তানৰ সম্পৰ্কত এই উদগতিয়ে এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটাব বুলি আশা কৰা হৈছে।

ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ অধীনত বাংলাদেশ পাকিস্তানৰ কাষ চাপিছে। ২০২২ চনত শ্বেখ হাছিনাই চট্টগ্ৰামত পাকিস্তানৰ যুদ্ধ জাহাজ পিএনএছ টাইমুৰৰ ডকিঙৰ অনুমতি অস্বীকাৰ কৰিছিল যদিও শেহতীয়া তথ্য অনুসৰি, বাংলাদেশে পাকিস্তানৰ সৈতে বংগোপ সাগৰত যৌথ নৌসেনাৰ অনুশীলন চলোৱাৰ পৰিকল্পনা কৰিছে।

বাংলাদেশেও ৭ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ কৰাচীত অনুষ্ঠিত হ’বলগীয়া বহুজাতিক নৌসেনাৰ অনুশীলন AMAN 2025 ত যোগদান কৰিবলৈ সাজু হৈছে।পাঁচ বছৰৰ বিৰতিৰ অন্তত ইছলামবাগ আৰু ঢাকাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছে।

ইয়াৰ উপৰিও বাংলাদেশে পাকিস্তানী নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা শিথিল কৰিছে। মহম্মদ ইউনুছৰ চৰকাৰে পাকিস্তানক জানুৱাৰী মাহত এখন বাণিজ্যিক প্ৰদৰ্শনীত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে।

ভাৰতৰ সৈতে উত্তেজনা বৃদ্ধি কৰি শ্বেখ হাছিনাৰ চৰকাৰ উৎখাত কৰাত পাকিস্তানী জামাতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এতিয়া যেন পাকিস্তানে বাংলাদেশৰ ওপৰত নিজৰ প্ৰভাৱ পুনৰ প্ৰতিষ্ঠা কৰিছে। ইফালে এই ক্ৰমবৰ্ধমান কৌশলগত সম্পৰ্কই ভাৰতৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে বুলি একাংশই মত পোষণ কৰিছে। ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰতো ভাবুকি আহিব বুলি বিশেষজ্ঞ সকলে বিশ্লেষণ কৰিছে।

বাংলাদেশ