/asomiyapratidin/media/media_files/2025/08/31/ujjd-2025-08-31-20-24-51.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ সামৰিক শক্তিক লৈ এটা ভাল খবৰ। ভাৰতীয় সেনাৰ এটা বিশেষ ইউনিট প্ৰস্তুত কৰা হৈছে যিয়ে শত্ৰুৰ বুকুত কঁপনি তুলিব। এই ইউনিটটোৰ নাম ভৈৰৱ কমাণ্ডো ফৰ্চ। কিন্তু এই ভৈৰৱ কমাণ্ডো বোৰৰ কাম কি? তেওঁলোকৰ বিশেষত্ব কি আৰু কিয় এই নতুন শক্তিৰ সৃষ্টি হৈছে?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ২০২৫ চনৰ শেষলৈকে ভৈৰৱ কমাণ্ডোৰ ৫ ইউনিট সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি নিয়োগ কৰা হ’ব। এই ইউনিটসমূহ লেহ, শ্ৰীনগৰ, নগ্ৰোটা, পশ্চিম ভাৰত আৰু উত্তৰ-পূব ভাৰতৰ নিৰাপত্তাৰ দায়িত্বত থকা বিভিন্ন শাখাত নিয়োগ কৰা হ’ব।
সেনাই মুঠ ২৩ৰ পৰা ২৫টা এনে কমাণ্ডো ইউনিট প্ৰস্তুত কৰাৰ লক্ষ্য লৈছে, যাৰ প্ৰথমটো গোট ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত নিয়োগ কৰা হ’ব। সকলো পৰিস্থিতিৰ সৈতে খাপ পৰা পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে এই ভৈৰৱ কামাণ্ডো ফৰ্চক।
শিৱৰ ৰূদ্ৰমূৰ্তি ভৈৰৱৰ নামেৰে নামাকৰণ কৰা হৈছে এই বিশেষ গোটটোক। ভাৰতীয় সেনাই এতিয়ালৈকে এই গোটটোৰ বিশেষত্ব ৰাজহুৱা কৰা নাই যদিও শিৱৰ ৰুদ্ৰমূৰ্তিৰ সৈতে মিলাই নাম দিয়াটোৱেই প্ৰমাণ কৰিছে যে, এই বিশেষ ফৰ্চটোৰ শক্তি কেনে হ'ব...